thumbnail

Gun shot by security guard in NRL: নুমলীগড় শোধনাগাৰত নিজৰ বন্দুকেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা নিৰাপত্তাৰক্ষীৰ

By

Published : Dec 16, 2022, 8:20 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত(Sensational incident in NRL) কৰ্মৰত অসম ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ এজন জোৱানে বৃহস্পতিবাৰে বিয়লি বায়’ ৰিফাইনেৰীৰ সমীপৰ ৰজাবাৰী শিবিৰৰ ভিতৰতে নিজা ছাৰ্ভিচ অট’মেটিক এচেলাৰ বন্দুকেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে (Security guard attempt suicide) । বন্দুকৰ পৰা ওলোৱা এক জাঁই গুলী জোৱানজনৰ বুকুত লগাৰ বিপৰীতে আনজাঁই গুলী প্ৰায় পাঁচশ মিটাৰ আঁতৰৰ এটা পৰিয়ালৰ চোতালত পৰে (Gun shoot incident in NRL) ৷ এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে চোতালত খেলি থকা এটি শিশুৰ ৷ আহত জোৱানজন নগাঁৱৰ লিংচিং ৰাৱতীয়া বুলি জানিব পৰা গৈছে (Security guard attempt suicide in NRL) ৷ ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু গোলাঘাট সদৰ উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰা উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ আনহাতে আহত জোৱানজনক প্ৰথমে এন আৰ এল বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.