Shravan Sombar: শাওণৰ দ্বিতীয়টো সোমবাৰে ঐতিহাসিক মহাভৈৰৱ মন্দিৰত ভক্তৰ সোঁত

By

Published : Jul 31, 2023, 1:31 PM IST

thumbnail

তেজপুৰ, ৩১ জুলাই : শাওন মাহত ভগৱান শিৱক আৰাধনা কৰা হয় । এই শাওন মাহত ভক্তপ্ৰাণ লোকে দেশ বিদেশৰ বিভিন্ন ঠাইত থকা শিৱ মন্দিৰ দৰ্শন কৰে আৰু নিজৰ মনোকামনা সিদ্ধিৰ বাবে বিভিন্ন ধৰণে শিৱৰ আৰাধনা কৰে । মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত পুৱাৰ পৰা বিভিন্ন ভক্তৰ সমাগম দেখা গৈছে ।

মহাভৈৰৱ এছিয়াৰ বৃহৎ শিৱলিংগ থকা প্ৰসিদ্ধ শিৱ মন্দিৰ । প্ৰাচীন কালত শোণিতপুৰৰ ৰাজা বাণ ৰজাই এই মন্দিৰত পূজা অৰ্চনা কৰিছিল । কথিত আছে যে, বাণ ৰজাৰ জীয়ৰী ঊষায়ো ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল । মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱ লিংগ আছে । এই লিংগটোৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ আৰু ই সদায় আকাৰত ডাঙৰ হৈ থাকে । মহাভৈৰৱ মন্দিৰৰ এই শিৱ লিংগ এছিয়া মহাদেশৰ বৃহত্তম শিৱ লিংগসমূহৰ ভিতৰত লেখত ল’বলগীয়া ।

শাওন মাহত ব’ল ব’ম : ব’ল ব’ম কৰি স্থানীয় বিভিন্ন নদীৰ পৰা খোজ কাঢ়ি পুৱতি নিশা পানী আনি পুৱা শিৱৰ লিংগত দিয়ে । শিৱৰ লিংগত জলাভিষেক কৰিলে মানুহৰ মনৰ আশা পূৰ্ণ হয় । ই এটা লোক বিশ্বাস । প্ৰবাদ মতে, এই সময়ত ভগৱান বিষ্ণু গভীৰ যোগ নিদ্ৰাত থাকে । সেইবাবে শাওন মাহত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ দায়িত্ব থাকে শিৱৰ ওপৰত । গতিকে শাওন মাহত যাতে শিৱ অসন্তুষ্ট নহয়, সেই কাৰণে শাওন মাহত শিৱক আৰাধনা কৰা হয় ।

শাস্ত্ৰত উল্লেখ আছে যে, যেতিয়া এবাৰ দেৱতা আৰু দানৱসকলৰ বাবে সাগৰ মন্থন কৰিছিল, তেতিয়া নিৰ্গত হৈছিল বিহ । সেই বিহৰ পৰা সমগ্ৰ জগতক ৰক্ষা কৰিবৰ কাৰণে শিৱই হলাহলে সেই বিহপান কৰিছিল ৷ যাৰ বাবে শিৱৰ কণ্ঠটো নীলা হৈ পৰিছিল আৰু সেইবাবেই শিৱক নীলকণ্ঠ বুলি জনা যায় ।

এই বিহপান কৰাৰ সময়ত সমগ্ৰ দেৱ-দেৱীয়ে শিৱৰ শিৰত আৰু দেহত গাখীৰ আৰু পানী ঢালিছিল ৷ যাতে শিৱই পান কৰা বিহ মুক্ত হৈ যায় । জনশ্ৰুতি মতে, সেই সাগৰ মন্থনৰ সময়ত এই শাওন মাহ আছিল আৰু তেতিয়াৰ পৰাই শিৱক জলাভিষেক কৰোৱা হয় ।

বিভিন্ন নদ-নদীৰ পৰা ভক্তসকলে শিৱৰ বাবে পানী খালি ভৰিৰে আনি শিৱৰ লিংগত জল প্ৰদান কৰে ফলত ভক্তৰ মনৰ আশা সম্পূৰ্ণ হয় বুলি ধাৰণা কৰা হয় ৷

লগতে পঢ়ক : Shravan Sombar: ব’ল ব’ম উপলক্ষে হাতীমূৰাৰ দুৰ্গা দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.