Assam flood 2023: পুনৰ জলমগ্ন টিহু, ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী - ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী
🎬 Watch Now: Feature Video
নলবাৰী, 13 জুলাই : ৰাজ্যত পুনৰ দ্বিতীয়টো বানৰ বিভীষিকা ৷ টিহুৰ উত্তৰ বালিত সৃষ্টি হৈছে জলপ্ৰলয় ৷ মৰাপাগলদিয়াৰ বাঢ়নি পানীয়ে বুৰাই পেলালে টিহু আখৰা গড়কপ্তানী পথ ৷ টিহুৰ উত্তৰ বালিৰ বড়ো চুবুৰীত থকা মৰাপাগলাদিয়াৰ ভগ্ন মঠাউৰিৰে তীব্ৰ সোঁতত ববলৈ ধৰিছে নদীৰ বাঢ়নী পানী ৷
উত্তৰ বালিত মৰাপাগলদিয়া নদীৰ উন্মুক্ত মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী সোমোৱাত সংকিত হৈ পৰিছে অঞ্চলবাসী ৷ বাৰিষাৰ প্ৰথমটো বানত ইতিমধ্যে অঞ্চলটোৰ কেইবাখনো গাঁও প্লাবিত হৈছিল ৷ প্ৰথমটো বানৰ বিভীষিকা মাৰ নৌযাওঁতেই পুনৰ মৰাপাগলাদিয়াৰ বাঢ়নী পানীয়ে বুৰাইছে উত্তৰ বালিৰ খেতিপথাৰকে ধৰি বিস্তীৰ্ন অঞ্চল ৷
উল্লেখ্য যে, উত্তৰ বালিত প্ৰথমটো বানত দুঠাইত চিগিছিল মৰাপাগলদিয়াৰ মথাউৰি ৷ এনেদৰে পানী বাঢ়ি থাকিলে নিশালৈকে বহু কেইখন গাঁও প্লাবিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ বৰ্তমানলৈকে বানে বুৰা এই অঞ্চলটোত প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: Goalpara Sal Trees Issue : সাময়িকভাৱে বন্ধৰ নিৰ্দেশ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ শালগছ কটা কাৰ্য