Deprived of Jal Jeevan Mission: জাঁজীমুখত ব্ৰহ্মপুত্ৰত বালি খান্দি খোৱাপানীৰ সন্ধান - Har Ghar Nala Har Ghar Jal
🎬 Watch Now: Feature Video
টীয়ক, ৭ ফেব্ৰুৱাৰী: পৰিৱৰ্তনৰ অসম তথা বিকশিত অসমৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই যোৰহাট জিলাৰ টীয়কৰ বানে গৰকা জাঁজীমুখৰ একাংশ ৰাইজক । যি সময়ত প্ৰধানমন্ত্ৰীৰ সপোনৰ জলজীৱন আঁচনিৰ (Jal Jeevan Mission) জড়িয়তে ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থা কৰা বুলি চৰকাৰে দাবী কৰি আহিছে সেই সময়তো জাঁজীমুখৰ জপং গাঁৱৰ একাংশ ৰাইজ বঞ্চিত হৈছে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা (Deprived of drinking water in Teok)। বাৰিষা ব্ৰহ্মপুত্ৰৰ ঘোলা পানী আৰু খৰালি নদীখনৰ শুকান বুকুত বালি খান্দি পানীৰ সন্ধান কৰিবলগীয় পৰিৱেশ আজিও অব্যাহত আছে ।
ঘৰৰ পৰা হাতত কোৰ, কলহ লৈ প্ৰায় ২/৩ কিলোমিটাৰ দূৰ অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰৰ বুকুত পানীৰ সন্ধানত জুম পাতি গাঁৱৰ মহিলা-বোৱাৰীসকলে সময়ে সময়ে ওলাই যাব লগীয়া হৈছে । এয়া আজিৰ কথা নহয়, বছৰৰ পাছত বছৰ এইদৰে জাঁজীমুখ জপং গাঁওবাসীয়ে এইদৰে জীৱন জীৱিকা চলাই আহিছে । ইপিনে, দুই এক স্থানত সামাজিক অনুষ্ঠান, ব্যক্তি বিশেষ অথবা চৰকাৰীভাৱে দমকলৰ ব্যৱস্থা আছিল যদিও চৌদিশ বালিময় হোৱাৰ হেতুকে সেয়াও বৰ্তমান এনে সময়ত অৰ্থহীন হৈ পৰিছে । উল্লেখযোগ্য যে হৰ ঘৰ নল হৰ ঘৰ জল (Har Ghar Nala Har Ghar Jal) শ্ল'গান কাৰ্যত: সমাপন কৰিবলৈ উক্ত গাঁৱত জল জীৱন মিছনৰ অধীনত এক বৃহৎ পানী যোগান প্ৰকল্পৰ কাম চলি আছিল যদিও বৰ্তমানেও সেই প্ৰকল্প অসম্পূৰ্ণ হোৱা নাই ।
বিগত চাৰি পাঁচ মাহে পানী যোগান প্ৰকল্পৰ কামৰ কোনোধৰণৰ অগ্ৰগতি নোহোৱাকৈ আছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে (Search for drinking water by digging sand)। যাৰ ফলত এইবাৰো এইসকল জনতাই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে । সেয়ে এই খৰালি সময়ছোৱাতে অতি সোনকালে উক্ত আঁচনিখন সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰী প্ৰতিস্থানক ৰাইজে আহ্বান জনাইছে ।
লগতে পঢ়ক:US passed bill on Diwali: আমেৰিকা যুক্তৰাষ্ট্ৰত দীপাৱলীত আতচবাজী প্ৰদৰ্শনত অনুমতি