Viral audio of Hojai : উদালী উন্নয়ন ব্লকত কমিছন ন'হলে কাম নকৰে অভিযন্তাই - লংকাৰ উদালী উন্নয়ন ব্লকত ব্যাপক দুৰ্নীতি
🎬 Watch Now: Feature Video


Published : Oct 28, 2023, 9:03 PM IST
হোজাই, ২৮ অক্টোবৰ : হোজাই জিলাৰ অন্তৰ্গত লংকাৰ উদালী উন্নয়ন ব্লকত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উত্থাপিত অভিযোগ মতে, কমিছন ন'হলে কাম নকৰে অভিযন্তাই । কমিছন বিচাৰি ভেণ্ডৰলৈ ফোন কৰা অভিযন্তাৰ অডিঅ' বাৰ্তা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচতেই ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । অভিযন্তাই প্ৰতিটো কামৰ বিপৰীতে ১০ শতাংশ কমিছন লোৱাৰ অভিযোগ উঠিছে ।
উদালীৰ অভিযন্তা জয়ন্ত দাসৰ অডিঅ' বাৰ্তা ভাইৰেল হোৱাৰ পিচতেই ভেণ্ডৰক কমিছন বিচৰা বিষয়টো স্পষ্ট হৈছে পৰিছে । আনহাতে, এই অডিঅ'টোত থকা বাংলা ভাষাত প্ৰথমে কোৱা ভাষ্য উদালী উন্নয়ন ব্লক চেয়াৰমেনগৰাকীৰ স্বামী ৰঞ্জিত দাসৰ বুলি অভিযোগ কৰিছে বিজেপিৰ কৰ্মকৰ্তাই । দুয়োৱে মিলি উদালী উন্নয়ন ব্লকত বিভিন্ন আঁচনিত দুৰ্নীতি কৰাৰ অভিযোগ একাংশ বিজেপি কৰ্মকৰ্তাৰ ।
চৰকাৰী কাম দিয়াৰ নামত কাকীৰ সুশীল ৰাজবৰ নামৰ এজন লোকৰ পৰা ৰঞ্জিতে ২ লাখ ৮০ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ যে মাত্ৰ এসপ্তাহ পূৰ্বে দুৰ্নীতি নিবাৰকৰ জালত পৰিছিল হোজাই জিলাৰ এগৰাকী বিডিঅ' । কিন্তু ইয়াৰ পিছতো জিলাখনত স্তব্ধ হোৱা নাই দুৰ্নীতিৰাজ ।
লগতে পঢ়ক:Tezpur Expo 2023: থলুৱা উদ্যোগীক উৎসাহ দিয়াৰ বাবে তেজপুৰত আৰম্ভ বাণিজ্য মেলা
TAGGED:
Viral audio of Hojai