নলবাৰীত ঠিকাদাৰৰ মইমতালিত জল জীৱনৰ পানীৰ পৰা বঞ্চিত ৰাইজ - Scam of JJM at Bardhap of Barkshetri in Nalbari

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 6:11 PM IST

নলবাৰী, ২১ নৱেম্বৰ: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰঢাপত জল জীৱন মিছনৰ অধীনত চলি থকা ঘৰে ঘৰে পানী যোগান আঁচনিত ঠিকাদাৰৰ মইমতালি । নিজ ইচ্ছা মতে পানীৰ পাইপ বহুৱাই একাংশ ৰাইজক জল জীৱন আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বৰঢাপ গাঁৱৰ চাৰিটা পৰিয়ালক এই আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । গাঁওখনৰ আন পৰিয়ালক এই আঁচনিত অন্তৰ্ভুক্ত কৰি পানী যোগান ব্যৱস্থা কৰি দিয়াৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে ।

ঠিকাদাৰৰ ঘনিষ্ঠ মানুহৰ ৰাস্তাৰ পৰা বহু ভিৰতলৈ পাইপ বহুৱাই পানী যোগান ধৰাৰ বিপৰীতে কিছু সংখ্যক ৰাইজক সম্পূর্ণৰূপে বঞ্চিত কৰি কাম সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ লগতে বঞ্চিত ৰাইজক অতি সোনকালে পানী যোগানৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে স্থানীয় ৰাইজে  ।

উল্লেখ্য যে উক্ত স্থানত এটা ইছলামীয়া মাদ্ৰাছাৰ ছাত্ৰী আবাসো আছে য'ত পানীৰ প্ৰয়োজন সদায় হৈ থাকে । আবাসৰ শিক্ষক সকলেও অতি সোনকালে পানী যোগানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে । ইয়াৰ পিছতো সেইসমূহ স্থানত পানী ব্যৱস্থা নকৰা বুলি অভিযোগ কৰে ৰাইজে ।  

লগতে পঢ়ক:নতুন সংশোধনী নিযুক্তি প্ৰক্ৰিয়াৰে ১০ হাজাৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা চৰকাৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.