Scam in JJM Scheme : আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:19 AM IST

Updated : Oct 26, 2023, 9:19 AM IST

thumbnail

আমগুৰি, ২৬ অক্টোবৰ : ৰাজ্য চৰকাৰে জল জীৱন মিচন আঁচনি ৰূপায়ণত কোটি কোটি টকা ব্যয় কৰি জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা সময়তে আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বাঘজান চাহ বাগিচাৰ টিংবস্তি পানী যোগান আঁচনিত পানীৰ সলনি জল জীৱনৰ পাইপেৰে কেৱল বালিহে ওলায় ৷ এই অভিযোগ তৰিছে স্থানীয় লোকে ।

স্থানীয় লোকৰ অভিযোগ, পানী যোগান আঁচনি ৰূপায়ণত ঠিকাদাৰে দুৰ্নীতিৰ প্ৰশ্ৰয় লৈছে ৷ ফলত জল জীৱনৰ পাইপত তথা পানী ফিল্টাৰত বালি জমা হৈছে ৷ পানী ফিল্টাৰত বালি জমা হোৱাৰ বাবেই পানী যোগান আঁচনিখন যিকোনো মুহূৰ্তত বিকল হোৱাৰ সম্ভাৱনাই এতিয়া প্ৰকট হৈ উঠিছে । সেয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাই আঁচনিখন শীঘ্ৰেই মেৰামতি কৰি দিব বাবে দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।  

আনকি স্থানীয় ৰাইজে আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীক টিংবস্তি পানী যোগান আঁচনি সঠিকভাৱে টিংবস্তি পানী যোগান আঁচনি ৰূপায়ন কৰিবলৈ দাবী জনাইছে । অন্যথা স্থানীয় ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Protest against Amguri JJM Scheme : আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত দুৰ্নীতি, ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ

Last Updated : Oct 26, 2023, 9:19 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.