thumbnail

By

Published : Jun 14, 2023, 7:53 PM IST

ETV Bharat / Videos

Scam in Sootea: ইটাখোলা গ্ৰামীণ বিকাশ বেংকৰ জেএলজি এজেন্টৰ বৃহৎ জালিয়াতি, 5 লক্ষাধিক টকা আত্মসাৎৰ অভিযোগ

চতিয়া, 14 জুন: ইটাখোলা গ্ৰামীণ বিকাশ বেংকৰ কৰ্তৃপক্ষৰ দ্বাৰা নিযুক্তি লাভ কৰা জেএলজি এজেন্টৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ ৷ ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এজেণ্টজনে ইটাখোলাস্থিত বালিজুৰি, গুটিবাৰী অঞ্চলৰ 12 টা আত্মসহায়ক গোটৰ পৰা প্ৰায় 5 লক্ষ টকা লোনৰ কিস্তি তুলি বেংকত জমা নিদিয়াকৈ আত্মসাত কৰাৰ অভিযোগ উঠিছে ৷

প্ৰবঞ্চক এজেন্ট ধ্ৰুৱজ্যোতিয়ে এই বেংকটোত থকা 12 টা গোটৰ লোনৰ 9 মাহৰ মাহেকীয়া কিস্তি গোট সমূহৰ পৰা তুলি বেংকত জমা নিদি সম্পূর্ণ টকা আত্মসাৎ কৰে ৷ 9 মাহ ধৰি বেংকটোত গোট সমূহৰ লোনৰ কিস্তি জমা নোহোৱা স্বত্তেও সেই সময়ৰ বেংকৰ মেনেজাৰ ৰঞ্জন কেলেঙে গোট সমূহক কেনো ধৰণৰ তাগিদা নিদিয়াৰ বাবে মেনেজাৰ ৰঞ্জনো টকা আত্মসাৎত জড়িত আছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ ধ্ৰুৱজ্যোতিয়ে টকা আত্মসাৎ কৰা বিষয়টো পোহৰলৈ অহাৰ লগে গোট সমূহৰ সদস্য সকল একত্ৰিত হৈ প্ৰবঞ্চক এজেন্ট ধ্ৰুৱজ্যোতিক জবাবদিহি কৰাৰ পাছত তেওঁ 6 মাহৰ ভিতৰত টকাখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সাত মাহ উকলি যোৱাৰ পিছতো ঘূৰাই নিদি চাতুৰালিৰে বাংগালোৰুলৈ পলাই যোৱাৰ উমান পাই এই সন্দৰ্ভত ইটাখোলা আৰক্ষীক কথাটো অৱগত কৰে ভুক্তভোগীয়ে ৷

ইফালে আত্মসহায়ক গোট সমূহৰ সদস্য সকল একলগ হৈ প্ৰবঞ্চক গৰাকীক হাজিৰ কৰাই আজি উক্ত টকা আত্মসাৎৰ বিষয় সন্দৰ্ভত ইটাখোলাস্থিত শংকৰদেৱ ভৱন প্ৰাংগনত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ সঞ্চালনাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত ধ্ৰুৱজ্যোতিয়ে আগন্তুক এক সপ্তাহৰ ভিতৰত আত্মসাৎ কৰা টকাখিনি ঘুৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে পঢ়ক: Morigaon CM vigillance: উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাটমণ্ডলক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.