ETV Bharat / sports

কানপুৰ টেষ্টত বাংলাদেশক ৭ উইকেটত পৰাস্ত ভাৰতৰ - IND vs Bangladesh Test

IND vs BAN Kanpur Test : কানপুৰত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা দ্বিতীয়খন টেষ্ট মেচত ভাৰতে ৭ উইকেটত শৃংখলা দখল কৰে । এই খেলখনৰ তিনিদিন বৰষুণৰ ফলত প্ৰভাৱিত হৈছিল আৰু চাহৰ সময়ৰ পূৰ্বেই ভাৰতে খেলখন সমাপ্ত কৰিছিল । পঢ়ক সম্পূৰ্ণ খবৰ.....

IND vs BAN Kanpur Test
কানপুৰ টেষ্টত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে ভাৰতে (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 10:58 PM IST

স্পষ্টছ ডেস্ক, ১ অক্টোবৰ: ভাৰত বনাম বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে এক দৰ্শনীয় জয় লাভ কৰিছে । বৰষুণ প্ৰভাৱিত কানপুৰ টেষ্টত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি ৭ উইকেটত জয়লাভ কৰে । এই জয়েৰে ভাৰতে ২-০ পইন্টত শৃংখলা দখল কৰিছে । উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অশ্বিনক প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মানেৰে সন্মানিত কৰাৰ বিপৰীতে জয়ছোৱালক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত হয় ।

এই খেলখনৰ তিনিদিন বৰষুণৰ ফলত প্ৰভাৱিত হোৱাৰ বিপৰীতে প্ৰথম দিনা মাত্ৰ ৩৫ অভাৰহে খেলিব পৰা গৈছিল । ইয়াৰ পিছত বৰষুণৰ বাবে দুদিন ধৰি খেল খেলিব পৰা হোৱা নাছিল । ইয়াৰ বাবেই মেচখন প্ৰায় ড্ৰ’ৰ দিশে আগবাঢ়িছিল আৰু এই মেচখনৰ ফলাফল কোনেও আশা কৰা নাছিল । কিন্তু ৰোহিত ব্ৰিগেডৰ ইচ্ছাশক্তিৰ বাবে ভাৰতে এই খেলখনত ৭ উইকেটত জয়লাভ কৰে ।

বাংলাদেশৰ প্ৰথম ইনিংছ -২৩৩

ভাৰতে টছত জয়লাভ কৰি বাংলাদেশক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । প্ৰথম দিনাই ৩টা উইকেট হেৰুৱাই ১০৭ ৰাণ সংগ্ৰহ কৰে বাংলাদেশে । এই দিনটোত মাত্ৰ ৩৫ অভাৰহে খেলা হৈছিল । ইয়াৰ পাছত চতুৰ্থ দিনা খেলিবলৈ অহা দলটোৱে মমিনুল হকৰ শতকীয় ইনিংছৰ সহায়ত মাত্ৰ ১২৬ ৰাণহে কৰিব পাৰিছিল আৰু ২৩৩ ৰাণত অল আউট হৈছিল ৷

ভাৰতৰ প্ৰথম ইনিংছ-২৮৫

বাংলাদেশৰ ২৩৩ ৰাণৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ অহা ভাৰতে প্ৰথম ইনিংছ-২৮৫ ৰাণ সংগ্ৰহ কৰি নিজৰ ইচ্ছাশক্তি স্পষ্ট কৰি দিছিল । অধিনায়ক ৰোহিত শৰ্মা আৰু টিম ইণ্ডিয়াৰ মনত স্পষ্ট হৈ পৰিছিল যে এই মেচখন ড্ৰ’ হোৱাত বাধা দিয়াই নহয়, জয়ী হ’ব লাগিব । যশস্বী জয়ছোৱালৰ শক্তিশালী ৭২ ৰাণ আৰু কে এল ৰাহুলৰ ৬৮ ৰাণৰ বাবেই ভাৰতে ২৮৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছত ৫২ ৰাণৰ অগ্ৰগতি লাভ কৰি ইনিংছ ঘোষণা কৰে ।

বাংলাদেশৰ দ্বিতীয় ইনিংছ-২৩৩

খেলৰ চতুৰ্থ দিনত পুনৰবাৰ বেটিং কৰিবলৈ ওলাই আহিল বাংলাদেশ । ভাৰতে পুনৰবাৰ নিজৰ পৰিকল্পনাত সফল হৈ চতুৰ্থ দিনটোতে ২টা উইকেট দখল কৰে । বাংলাদেশে মাত্ৰ ২৬ ৰাণহে কৰিব পাৰিছিল । পঞ্চম দিনা বেটিং কৰিবলৈ অহা বাংলাদেশ দলে মাত্ৰ ১২০ ৰাণ সংযোজন কৰিব পাৰিছিল আৰু ১৪৬ ৰাণত অল আউট হৈছিল । ভাৰতে জয়ৰ লক্ষ্য লাভ কৰিছিল মাত্ৰ ৯৫ ৰাণ ।

ভাৰতৰ চতুৰ্থ ইনিংছ - ৯৮

বাংলাদেশৰ ৯৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰি টিম ইণ্ডিয়াই ৩টা উইকেট হেৰুৱাই এই স্ক’ৰ সহজে অৰ্জন কৰে । এই ইনিংছত যশস্বী জয়ছোৱালে পুনৰবাৰ অৰ্ধশতক অৰ্জন কৰি ৫১ ৰাণত আউট হৈছিল । এই মেচখনত বিৰাট কোহলীয়ে ২৯ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আৰু ঋষভ পণ্টে ৪ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

ভাৰতৰ বলাৰৰ প্ৰদৰ্শন:

ভাৰতৰ বলিং প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে যশপ্ৰীত বুমৰাহে ৬টা উইকেট দখল কৰে । একে সময়তে ৰবিচন্দ্ৰন অশ্বিনে ৫টা, মহম্মদ চিৰাজে ২টা, আকাশদীপে ৩টা আৰু ৰবীন্দ্ৰ জাদেজাই ৪টা উইকেট দখল কৰে । সমগ্ৰ ছিৰিজত প্ৰদৰ্শন কৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আৰ অশ্বিনক প্লেয়াৰ অৱ দ্য ছিৰিজৰ নিৰ্বাচিত কৰা হয় ।

লগতে পঢ়ক: আকাশ চুবলৈ ওলাইছে এদিন দাৰিদ্ৰতা দূৰ কৰিবলৈ হাতত ক্ৰিকেট বেট তুলি লোৱা ছোৱালীজনীৰ সপোনে - SANYA DEBUT INDIAN CRICKET TEAM

টেষ্ট ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক অৰ্জনকাৰী তৃতীয় ভাৰতীয়ত পৰিণত যশস্বী জয়ছোৱাল - IND VS BAN 2ND TEST

শচীন তেণ্ডুলকাৰক অতিক্ৰমী 27000 ৰাণ সম্পূৰ্ণ বিৰাট কোহলীৰ - 27000 RUNS IN INTERNATIONAL CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.