ETV Bharat / state

মহালয়াৰ পবিত্ৰ ক্ষণত ব্ৰহ্মপুত্ৰৰ পাৰত মা দুৰ্গাক আৰাধনা - Mahalaya 2024 - MAHALAYA 2024

Mahalaya celebration in Tezpur: মহালয়াত অমাৱস্যাৰ দিনা পূৰ্বপুৰুষক শ্ৰদ্ধা জনাই তৰ্পন কৰা হয় ৷ এই তৰ্পনৰ জৰিয়তে পূৰ্বপুৰুষক জলাভিষেক কৰাৰ প্ৰথা আছে । সেয়ে এই অমাৱস্যাক সৰ্বপিত্ৰ অমাৱস্যাও কোৱা হয় ।

Mahalaya celebration in Tezpur
তেজপুৰত দুৰ্গতি নাশিনীৰ অৰ্চনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2024, 9:20 AM IST

তেজপুৰ, ২অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ চহৰৰ ভিন্ন অঞ্চলত দুৰ্গতি নাশিনীৰ অৰ্চনাৰ বাবে আৰম্ভ হৈছে দেৱী বন্দনা । স্বৰ্গৰ পৰা মৰ্ত্য়লৈ দেৱীক আদৰিবলৈ আৰম্ভ কৰিছে নৃত্য । মা দুর্গাৰ আৰাধনাৰ বাবে সকলোৱে একত্ৰিত হৈ এইদৰে পিতৃ পুৰুষক স্মৰণ কৰি দেৱীৰ আগমনৰ সময়ছোৱাত অশুভ শক্তিক বিনাশ কৰিবলৈ আহ্বান জনায় । তেজপুৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত দেৱীক আৰাধনা কৰিবলৈ আজি পুৱাই ভক্তসকলে আয়োজন কৰিলে নৃত্য়ানুষ্ঠান ।

  • আঁউসী তিথিত অনুষ্ঠিত হয় মহালয়া

দুৰ্গা পূজাৰ পূৰ্বৰ অমাৱস্যা বা আঁউসী তিথিত অনুষ্ঠিত হয় মহালয়া ৷ এই উৎসৱ অসম, পশ্চিমবংগ, ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় ৷ হিন্দু পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয় যে এই দিনটোত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ অৰ্থাৎ শিৱই মিলি মহিষাসুৰ বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল ৷ জনবিশ্বাস অনুসৰি মহালয়াৰ দিনা পুৱাই মা দুৰ্গা ধাৰালৈ নামি আহে আৰু প্ৰতিপদ তিথিৰ পৰাই ভাৰতবৰ্ষৰ কিছুমান ঠাইত বিশেষকৈ উত্তৰ ভাৰতত দেৱী বন্দনা আৰম্ভ হয় । ইয়াক ‘নৱৰাত্ৰি’ হিচাবে পালন কৰে ৷ নৱৰাত্ৰিত দেৱী দুৰ্গাৰ নটা ৰূপৰ পূজা কৰা হয় আৰু এই পূজা মহালয়াৰ পিছদিনা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হৈ বিজয়া দশমীৰ দিনা অন্ত পৰে ৷ অৱশ্যে অসমত ষষ্ঠীৰ দিনাৰ পৰা পূজা আৰম্ভ হয় আৰু বিজয়া দশমীত শেষ হয় ৷

তেজপুৰত দুৰ্গতি নাশিনীৰ অৰ্চনা (ETV Bharat Assam)

মহালয়াৰ দিনা দেৱী দুৰ্গাই পৃথিৱীত থকা অসুৰ ৰূপী অশুভ শক্তিক আঁতৰাই ভক্তসকলক আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয় ৷ এই পক্ষটোক মাতৃপক্ষ বুলি কোৱা হয় ৷ আনহাতে, ইয়াৰ আগৰ পক্ষটোক পিতৃ পক্ষ বুলি কোৱা হয় আৰু মহালয়াৰ দিনটো পিতৃ পক্ষৰ শেষ দিন ৷ হিন্দু ধৰ্ম আৰু পৰম্পৰা অনুসৰি বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পূৰ্বপুৰুষসকলৰ আত্মা পৃথিৱীলৈ নামি আহে ৷ সেয়ে মহালয়াৰ দিনা পূৰ্বপুৰুষক স্মৰণ কৰি তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে তৰ্পন কৰা হয় ৷

  • ৰামায়ণতো বৰ্ণনা কৰা হৈছে মহালয়া

আনহাতে, ৰামায়ণৰ তথ্য অনুসৰিও মহালয়াৰ এক তাৎপৰ্য আছে ৷ ৰামায়ণত উল্লেখ কৰা মতে, ৰামে লংকা জয় কৰাৰ আগতে মহালয়াৰ দিনা পূৰ্বপুৰুষৰ উদ্দেশ্যে তৰ্পন কৰিছিল আৰু ৰাৱণক বধ কৰিবৰ বাবে দেৱী দুৰ্গাৰ আশীৰ্বাদ বিচাৰি শৰৎ কালত দুৰ্গা পূজা আৰম্ভ কৰিছিল ৷ সেয়েহে শৰৎকালৰ দুৰ্গা পূজাক অকাল বোধন বুলিও কোৱা হয় ৷

লগতে পঢ়ক:আজি পবিত্ৰ মহালয়া; দোলাত উঠি মৰ্ত্যলৈ আগমন দেৱী দুৰ্গা - Mahalaya 2024

বুধবাৰে মহালয়া, এই পবিত্ৰ দিনটোত কি কি কৰিব নালাগে পলকতে জানি লওঁক - Durga Puja 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.