ETV Bharat / state

মহালয়াৰ পবিত্ৰ ক্ষণত ধুবুৰীত উছৱমুখৰ পৰিবেশ - Mahalaya 2024 - MAHALAYA 2024

Mahalaya celebration: মহালয়া উপলক্ষে ৰাজ্যৰ চৌপাশে দেখা গৈছে ব্যাপক উছাহ ৷ ধুবুৰীতো মা দুৰ্গাক আদৰিবলৈ পুৱতি নিশাৰ পৰা বাট-পথত দেখা গৈছে ভক্তৰ ভিৰ ৷ চাওক সবিশেষ-

Mahalaya 2024
পবিত্ৰ মহালয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2024, 8:51 AM IST

ধুবুৰী, 2 অক্টোবৰ: আজি পবিত্ৰ মহালয়া ৷ দোলাত উঠি মৰ্ত্যলৈ আগমন দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুৱাৰ পৰাই দেখা গৈছে ব্যাপক জনসমাগম ৷ শংখনাদ, ঢাকৰ শব্দত মুখৰিত আকাশ-বতাহ ৷ চৌদিশে দেখা গৈছে শাৰদীয় উৎসৱৰ ব্যাপক উছাহ ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰে ধুবুৰীতো পুৱাৰে পৰা দেখা গৈছে মহালয়াৰ ব্যাপক উছাহ ৷

ধুবুৰীত মহালয়াৰ আছে এক সুকীয়া ইতিহাস আৰু পৰম্পৰা ৷ পুৱাই হাজাৰ হাজাৰ লোকে এক বিশাল শোভাযাত্ৰা উলিয়ায় ধুবুৰী চহৰত ৷ এটি সাংস্কৃতিক সংস্থাৰ উদ্যোগত নেতাই ধুবুনী পাৰ্কত নৃত্য প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । সকলোৰে মনত দেখা গৈছে উৎসৱৰ অপাৰ আনন্দ ৷ মহা আড়ম্বৰৰে উদযাপন কৰা হয় শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আগমনৰ এই মুহূৰ্ত ৷

মহালয়াৰ পবিত্ৰ ক্ষণত ধাক-ঢোলৰ শব্দত মুখৰিত ধুবুৰীৰ আকাশ-বতাহ (ETV Bharat)

এইবাৰ দেৱী দুৰ্গাৰ ধৰালৈ আগমন হৈছে দোলাত আৰু মা উভতি যাব ঘোঁৰাত ৷ ধুবুৰীৰ সমাজ কল্যাণ আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত দেৱীৰ আগমন উপলক্ষে ব্যাপক আয়োজন কৰা দেখা গৈছে ৷ পথসমুহ লোকাৰণ্য হৈ পৰিছে ৷ সকলোৱেই মা দুৰ্গাক আদৰিবলৈ সভক্তিৰে ওলাই আহিছে পুৱতি নিশাই ৷

উল্লেখ্য যে আজি পিতৃপক্ষৰ অন্ত পৰিছে আৰু আৰম্ভ হৈছে দেৱীপক্ষ ৷ সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি স্থাপনৰ হেতু মা দুৰ্গাৰ মৰ্ত্যলৈ আগমন ঘটিছে ৷ মহালয়াৰ দিনা হিন্দু পৰম্পৰা অনুসৰি পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয় ৷ প্ৰবাদ মতে, মহালয়াত এগছি চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে ৷ পুৱাৰ ভাগত নদীৰ পাৰলৈ গৈ দেৱীক স্মৰণ কৰিব লাগে । এই দিনটোত পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ অৰ্থে তৰ্পণ কৰিব লাগে ।

লগতে পঢ়ক: আজি পবিত্ৰ মহালয়া; দোলাত উঠি মৰ্ত্যলৈ আগমন দেৱী দুৰ্গা - Mahalaya 2024

বুধবাৰে মহালয়া, এই পবিত্ৰ দিনটোত কি কি কৰিব নালাগে পলকতে জানি লওঁক - Durga Puja 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.