নগাঁৱত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:38 PM IST

নগাঁও, ১৭ ডিচেম্বৰ: দেওবাৰে নগাঁৱৰ পেঞ্চনাৰ ভৱনত অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । ১৯৫২ চনতে গঠিত অনুসূচিত জাতি পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ভাৰতৰ সাংবিধানিক সুৰক্ষা কৱচ থকা স্বত্বেও অসমত বসবাস কৰা ৪০ লাখ অনুসূচিত জাতিয়ে আজি পৰ্যন্ত ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱা বিষয়টোৱে গুৰুত্ব লাভ কৰে বৰ্দ্ধিত কাৰ্যনিৰ্বাহকত ।

লগতে অনুসূচিত জাতিৰ লোকসকলে ভূমিপুত্ৰ খিলঞ্জীয়া হোৱা সত্বেও অন্যান্য জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই যাব পৰা নাই । যাৰ পৰিপ্ৰেক্ষিতত এই সভাখনত ৫৮ খন জিলা সমিতিৰ ভিতৰত ৫০ খন অনুসূচিত জনজাতিৰ জিলা সমিতিয়ে একলগ হৈ জাতিটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত এই সভাখনৰ আয়োজন কৰা হয় বুলি মন্তব্য় কৰে অনুসূচিত জাতি পৰিষদ সমিতিৰ বিষয়ববীয়াসকলে (SC Council Central Executive) ।

লগতে পঢ়ক:তিনিচুকীয়াত একেদিনাই দুটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.