Chandrayaan 3: চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাচত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া - ISRO

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 9:04 PM IST

গুৱাহাটী,২৩ আগষ্ট : বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল ভাৰতবাসী । সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি ইতিহাস সৃষ্টিৰে চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিলে ভাৰতৰ চন্দ্ৰযান-৩ য়ে ৷ ISRO ৰ বিজ্ঞানীসকলৰ অশেষ প্ৰচেষ্টাৰ অন্তত ইতিহাস ৰচিলে ভাৰতে । এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হয় কেন্দ্ৰীয় মন্ত্রী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল ।

সৰ্বানন্দ সোণোৱালে এই সফলতাৰ বাবে বিজ্ঞানীসকলক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে আজি সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱ আৰু আনন্দৰ দিন । চন্দ্ৰযান-৩ ৰ সফলতাৰ বাবে তেওঁ বিশেষভাৱে ইছৰ'ৰ বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে দূৰদৰ্শী প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণা আৰু উৎসাহে এইক্ষেত্রত বিজ্ঞানীসকলক বিশেষভাৱে অৰিহণা যোগাই আহিছে ।

ভাৰতে বিশ্বৰ বুকুত নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে । চন্দ্ৰযান-৩ৰ এই সফলতা দেশৰ বাবে এক বিৰল সফলতা বুলি তেওঁ উল্লেখ কৰে । এই সফলতাই নৱপ্ৰজন্মক উৎসাহিত কৰিব বুলি তেওঁ লগতে কয় । উল্লেখ্য যে, চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাচতে দেশজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । এই সফলতাক লৈ প্ৰতিগৰাকী ভাৰতীয় আজি গৌৰৱান্বিত ।

লগতে পঢ়ক : Chandrayaan 3: গুৱাহাটীৰ বিদ্যালয়ত চন্দ্ৰযান 3 অৱতৰণৰ দৃশ্য উপভোগ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.