মৰিগাঁৱত বিধানসভা পৰ্যায়ত আৰম্ভ সাংস্কৃতিক মহাসংগ্ৰাম - Assam Sanskritik Mahasangram
🎬 Watch Now: Feature Video
Published : Dec 15, 2023, 8:37 PM IST
মৰিগাঁও, 14 ডিচেম্বৰ : শুকুৰবাৰৰ পৰা অসম সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলাখনত আৰম্ভ হৈছে বিধানসভা পৰ্যায়ত অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা ৷ সমষ্টিভিত্তিক এই অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷ অনুষ্ঠানত মৰিগাঁও জিলাৰ বহুকেইগৰাকী আগশাৰীৰ কন্ঠশিল্পীৰ গীতে সন্মোহিত কৰে উপস্থিত ৰাইজক ৷
মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ সমন্বয় প্ৰেক্ষাগৃহ অনুষ্ঠিত হৈছে সমষ্টিভিত্তিক এই প্ৰতিযোগিতাৰ ৷ প্ৰতিযোগিতাখনৰ শুভ উদ্ধোধন কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানতে ব্লক পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত দল সমূহৰ লগতে প্ৰতিযোগী সকলক মান পত্ৰ প্ৰদান কৰা হয় ৷
সন্ধিয়াৰ ভাগত অনুষ্ঠিত এই অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত পৰিবেশনৰ পিছতে বিভিন্ন প্ৰতিযোগীৰ মাজত অনুষ্ঠিত হয় সমষ্টিভিত্তিক সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰথম পৰ্যায়ৰ প্ৰতিযোগিতা ৷ সমষ্টিভিত্তিক অনুষ্ঠিত হোৱা এই সাংস্কৃতিক মহা সংগ্ৰাম প্ৰতিযোগিতাৰ উদ্ধোধন কৰি জিলা আয়ুক্ত গৰাকীৰে কয় যে, জিলাখনৰ চুকে-কোণো সিঁচৰিত হৈ থকা সাংস্কৃতিক প্ৰতিভাধৰসকলক উলিয়াই অনাৰ লক্ষ্যৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷
লগতে পঢ়ক : মৰিগাঁৱত সোণগুটি চপোৱাৰ উৎসৱ 'মাই পাঠালা' উদযাপন