thumbnail

Labour Minister Sanjay Kishan: ধেলাখাট চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব সঞ্জয় কিষাণ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 6:50 PM IST

তিনিচুকীয়া,৭ ছেপ্টেম্বৰ: তিনিচুকীয়াৰ ধেলাখাট চাহ বাগিচাৰ কলঘৰত শ্ৰম বিভাগৰ সহকাৰী আয়ুক্ত ভাস্কৰ মিলিক লগত লৈ হঠাৎ উপস্থিত হয় শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ । ধেলাখাট চাহ বাগিচাৰ শ্ৰমিক ৰাইজে বিভিন্ন সময়ত মন্ত্ৰীগৰাকীক জনাই অহা অভিযোগসমূহৰ সন্দৰ্ভত বুজ ল'বৰ বাবেই হঠাৎ উপস্থিত হয় মন্ত্ৰীগৰাকী ৷  

জানিবপৰামতে শ্ৰম বিভাগৰ তৰফৰ পৰা দুটা মাহৰ আগতে বাগিচাৰ কৰ্তৃপক্ষক দিছিল জাননী । জাননীৰ জৰিয়তে চিচিটিভি স্থাপন, শ্ৰমিক সকলৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা, উন্নত চাহ প্ৰস্তুত কৰা, বাগিছাৰ সকলো গাড়ীৰ কাগজ-পত্ৰৰ কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । তাৰ পাছতো যেন কি শ্ৰম বিভাগ, কি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বাগিছাৰ মালিকে যেন কেৰেপ নকৰে কাকোৱেই । গুৰুত্বই নিদিয়ে চাহ বাগিচাৰ মেনেজাৰে ।  

চাহ বাগিচাৰ গাড়ী সমূহৰ নাই কোনো নথি পত্ৰ ৷ অৰ্থডক্স চাহপাত প্ৰস্তুতৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম । তাৰ সমান্তৰালভাৱে বাগিচাৰ শ্ৰমিকৰ বাবে প্ৰস্তুত কৰা চাহৰ সোৱাদ লৈ সৰব হৈ পৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ লগতে সহকাৰী শ্ৰম আয়ুক্ত ভাস্কৰ মিলিও ৷ চাহত নাই কোনো উন্নত মানদণ্ডৰ সামগ্ৰী  ৷ চাহ প্ৰস্তুত কৰা সামগ্ৰীও তাহানি দিনীয়া পুৰণিকলীয়া মামৰে ধৰা ৷ গতিকে তৎক্ষণাত শ্ৰম বিভাগক বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰে শ্ৰমমন্ত্ৰী সক্ষম কিষাণে  ৷

লগতে পঢ়়ক: Advocate turns Blacksmith : জীৱনৰ ছন্দ বিচাৰি কোৰ্টৰ মজিয়াৰ পৰা কমাৰশাললৈ এজন ব্যক্তিৰ পৰিক্ৰমা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.