Illegal sand seized in Teok: প্ৰাক্তন ছাত্র নেতাৰ নেতৃত্বত বালিৰ অবৈধ সৰবৰাহ - প্ৰাক্তন ছাত্র নেতাৰ নেতৃত্বত বালিৰ অবৈধ সৰবৰাহ
🎬 Watch Now: Feature Video
টীয়ক, ২ মে': যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত মঙলবাৰে যোৰহাট জিলা পৰিবহন বিভাগে সাতখনকৈ বালিভৰ্তি ট্ৰাক জব্দ কৰিছে (Sand loaded truck seized in Teok)। উক্ত ট্ৰাকসমূহৰ নাই কোনো বৈধ নথি পত্ৰ । উল্লেখযোগ্য যে, এই বালিভৰ্তি ট্ৰাক সমূহে বালি যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণত ব্যৱহাৰ বাবে নিছিল । ইপিনে, যোৰহাটৰ এজন প্ৰাক্তন ছাত্র নেতাৰ নেতৃত্বত এই অবৈধ বালি সৰবৰাহ চলি আছে বুলিও অভিযোগ উত্থাপিত হৈছে । ইতিমধ্য পৰিবহন বিভাগে ট্ৰাকসমূহ জব্দ কৰি ট্ৰাকৰ নথিসমূহ পৰীক্ষাৰ কৰিছে (Allegation against student leader in Jorhat)।
এই প্ৰসংগত পৰিবহণ বিষয়াই উল্লেক কৰা মতে, উপযুক্ত নথি নাপালে জব্দকৃত ট্ৰাকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলি কয় । বন বিভাগে বালি খননৰ সমূহ নীতি নিয়ম অৱলম্বন হৈছেনে নাই তাক পৰীক্ষা কৰাৰ পাচতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি মত প্ৰকাশ কৰিছে । জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ হৈছে AS 03 BC 9588, AS 03 BC 9366, AS 03 BC 8283, AS 03 CC 4118, AS 03 CC 4108, AS 03 CC 4105 আৰু AS 03 CC 4644।
লগতে পঢ়ক:Silghat Jute Mill : শিলঘাট মৰাপাট কলত ভয়ংকৰ অগ্নিকাণ্ড