Saints gather in Kamakhya: অম্বুবাচীৰ তৃতীয় দিনাও নীলাচলত ভক্তৰ ভিৰ

By

Published : Jun 24, 2023, 6:37 PM IST

thumbnail

গুৱাহাটী,২৪ জুন: উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে নীলাচলৰ বুকুত । সাধু-সন্তৰ সমাগমেৰে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে মা কামাখ্যা ধামত । পুৱাৰে পৰা ভক্তৰ লানি নিচিগা সোঁত বৈছে মাঁ কামখ্যা ধামলৈ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশী-বিদেশী পৰ্যটক তথা সাধু-সন্নাসীৰ সাধনাৰে লোকে লোকাৰণ্য হৈ পৰিছে পৰিছে মাঁ কামখ্যা ধাম ।  

অম্বুবাচী মেলাৰ পবিত্ৰৰ ক্ষণৰ সাক্ষী হবলৈ দেশ বিদেশৰ পৰা অহা ভক্তই ভিৰ কৰিছে । সাধু-সন্নাসীৰ লগতে ভক্তসকলে দেৱীৰ আশীস বিচাৰি নামনি কামাখ্যাৰ পৰা কামাখ্যা মন্দিৰলৈ খোজকাঢ়িয়ে গমন কৰিছে । প্ৰশাসনে কামাখ্যা মন্দিৰলৈ গাড়ী নিবলৈ নিষেধাজ্ঞা জাৰি কৰিলেও কিন্তু ভক্তৰ ভিৰ কম নহ'ল কামাখ্যা মন্দিৰত । পুৱ‍া ৫ বজাত নামনি কামাখ্যাত থকা গেট খোলাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত বৈছে মন্দিৰলৈ । ভক্তসকলে মন্দিৰৰ চৌহদলৈ গৈ পৰিক্ৰমা কৰি উভতিছে ।  

নামনি কামাখ্যাৰ পৰা মন্দিৰ প্ৰাংগণলৈ প্ৰখৰ ৰ'দত খোজ কাঢ়ি যোৱাৰ ফলত বহু লোক অসুস্থ হৈ পৰে । শৃংখলাবদ্ধভাৱে মেলা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনৰ লগতে মন্দিৰ কৰ্তৃপক্ষই চেষ্টা কৰা পৰলক্ষিত হৈছে । ভক্তসকলৰ বাবে পাণ্ডু আৰু মালিগাঁও ৰেল ষ্টেচনত দুটা বিশেষ কেম্পৰ ব্যৱস্থা কৰা হৈছে। ইপিনে অম্বুবাচীৰ দিনকেইটাত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ভক্তসকলক কামাখ্যা লৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: One youth detained with Drugs: লখিমপুৰত ড্ৰাগছসহ সৰবৰাহকাৰী যুৱক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.