RSS Chief Mohan Bhagawat at Guwahati: অসমত আৰ এছ এছৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে প্ৰেৰণা শিবিৰত মোহন ভাগৱত

By

Published : Dec 11, 2022, 8:02 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সাংগঠনিক শক্তি বৃদ্ধিৰ উদ্দেশ্যে অধিক তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছ(Rashtriya Swayamsevak Sangh)। ইয়াৰ অংশ স্বৰূপে দেওবাৰে গুৱাহাটীত আহি উপস্থিত হয় আৰ এছ এছ প্ৰধান মোহন ভাগৱত(Rashtriya Swayamsevak Sangh chief Mohan Bhagawat)। গুৱাহাটী চন্দ্ৰপুৰস্থিত হাজংবৰীত থকা বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত উত্তৰ অসম প্ৰান্তৰ 'প্ৰেৰণা শিবিৰ'ত ভাগ লোৱাৰ উদ্দে্শ্য কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটীত আহি উপস্থিত হয় আৰ এছ এছ প্ৰধানগৰাকী । তাৰপাছত দিনৰ ভাগত স্বয়ংসেৱক সংঘৰ কৰ্মকর্তাসকলৰ বৌদ্ধিক জ্ঞান-শক্তি বৃদ্ধি আঁচনি ৰূপায়ণ তথা ভবিষ্যত কাৰ্যপন্থা সম্পৰ্কে অনুষ্ঠিত আলোচনাত তেওঁ অংশগ্ৰহণ কৰে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰ এছ এছৰ শাখাৰ সংখ্যা দুগুনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে আৰ এছ এছৰ পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰ এছ এছ প্ৰধান গৰাকীয়ে । ইফালে প্ৰেৰণা শিবিৰত আৰ এছ এছ প্ৰধানগৰাকীক সাক্ষাৎ কৰে অগপ নেতা তথা মন্ত্ৰী কেশৱ মহন্তই ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.