thumbnail

Rongali Bihu celebration: তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলন আৰম্ভ

By

Published : Apr 18, 2023, 9:22 PM IST

তিনিচুকীয়া, ১৮ এপ্ৰিল: ৭৪ সংখ্যক তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলন উপলক্ষে চহৰখনত মঙলবাৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Tinsukia Central Rongali Bihu)৷ তিনিটাকৈ হাতী, বাৰেকুৰিৰ ভকতবৃন্দৰ গায়ন-বায়নেৰে আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাটোত ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি তিনিচুকীয়াৰ ৰাজপথ বিভিন্ন জাতি-জনগোষ্ঠীৰ এক মিলনভূমিলৈ পৰ্যবসিত কৰে (Cultural procession in Tinsukia) ৷

উক্ত শোভাযাত্ৰাত তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে অংশগ্ৰহণ কৰি সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এফাকি বিহুগীত গাই ৷ তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰৰ পৰা উলিওৱা শোভাযাত্ৰাটোৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথেৰে তিনিকোণীয়া হৈ এ টি পথেৰে পুনৰ চিৰাপট্টী হৈ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত শোভাযাত্ৰাৰ সামৰণি মাৰে ৷ পৰৱৰ্তী সময়ত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে কাইলৈ সন্ধিয়া সাংগীতানুষ্ঠানেৰে এই ৭৪ সংখ্যক তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ সামৰণি পৰিব ৷

লগতে পঢ়ক:Rangali Bihu celebration : কলিয়াবৰত মুকলি বিহুতলীত লোক-কৃষ্টিৰ পয়োভৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.