ETV Bharat / state

এজোপা গছৰ জন্মদিন পাতিলে ৰাইজে...দিলে এক বিশেষ বাৰ্তা - SAVE TREE CAMPAIGN

বাৰ বছৰ সম্পূৰ্ণ কৰিলে এজোপা গছে ৷ ৰাইজে পালন কৰিলে গছজোপাৰ জন্মদিন ৷ উন্নয়নৰ নামত গছ নাকাটিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ ৷

Save tree campaign
এজোপা গছৰ জন্মদিন পাতিলে ৰাইজে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 5:05 PM IST

কলিয়াবৰ: গছ...শেহতীয়াকৈ অসমত সৰ্বাধিকভাৱে চৰ্চা লাভ কৰা এটা বিষয় হৈছে গছ ৷ উপ-নিৰ্বাচনৰ বতাহ বলি আছে যদিও গছৰ বতাহ কিছু প্ৰবল হৈছে ৷ গছ ৰক্ষাৰ বাবে আৰম্ভ হৈছে আন্দোলন ৷ গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত আন্দোলন চলিছে গছ ৰক্ষাৰ বাবে ৷ কিন্তু আমি এই প্ৰতিবেদনত আন্দোলনৰ বিষয়ে নহয়, গছৰ জন্মদিনৰ কথাহে ক’ব খুজিছোঁ ৷

হয় আজি এজোপা গছৰ জন্মদিন ৷ ৰাইজে গছজোপাৰ গাত মালা-বেলুন আঁৰি পাতিছে জন্মদিন ৷ আজি গছজোপা 12 বছৰীয়া হ’ল ৷ সেয়ে গছজোপাৰ 12 বছৰীয়া জন্মদিনটো আনবাৰৰ দৰেই ৰাইজে উদযাপন কৰিছে ৷ ইয়াৰ জৰিয়তে আমাৰ পৰিৱেশত গছৰ প্ৰয়োজনীয়তাৰ বিষয়ে এক বাৰ্তা দিয়াৰ চেষ্টা কৰিছে লোকসকলে ৷

এজোপা গছৰ জন্মদিন পাতিলে ৰাইজে (ETV Bharat)

বাৰ বছৰ পূৰ্বে গাঁওখনৰ এটা তিনিআলিত কেইজমান যুৱক আৰ চেমনীয়াই মিলি ৰোপন কৰিছিল এটা অমৰা পুলি ৷ তেতিয়াৰ পৰা চেমনীয়া আৰু যুৱককেইজনে মিলি প্ৰতিবছৰে অমৰা পুলিটোৰ জন্মদিন পালন কৰি আহিছে ৷ লাহে লাহে বিষয়টোৱে গাঁৱৰ মানুহৰ মাজতো চৰ্চা লাভ কৰিলে ৷ চেমনীয়া আৰু যুৱককেইজনৰ সৈতে এই কাৰ্যত হাত উজান দিবলৈ আহিল গাঁওবাসীও ৷

লহপহকৈ বাঢ়ি এজোপা পূৰ্ণাংগ গছ হৈ পৰা অমৰাজোপাৰ জন্মদিনত ৰাইজেও সহযোগিতা আগবঢ়োৱা কৰিলে ৷ বিগত বৰ্ষত অমৰাজোপাৰ জন্মদিনত গাঁওখনৰ ৰাইজে মিলি তৃপ্তিৰে এসাঁজ খাইছিল লগেভাগে ৷ এইবাৰ অমৰজোপাৰ ওচৰতে আন এটা পুলি ৰুই জন্মদিন উদযাপন কৰিছে গাঁওবাসীয়ে ৷ ইয়াৰ দ্বাৰা সেই অঞ্চলৰ শিশুসকলক বুজাব খুজিছে গছৰ গুৰুত্বৰ কথা ৷

গছৰ জন্মদিন উদযাপন কৰা এই গাঁওখন হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ নিজ চিলা বন্ধা গাঁও ৷ গছজোপাৰ জন্মদিন পালন কৰি ৰাইজে মুখ্যমন্ত্ৰীলৈ জনাইছে বিশেষ আহ্বান ৷ দীঘলী পুখুৰীৰ পাৰৰ গছবোৰৰ দৰে ৰাজ্যৰ আন ঠাইৰো গছবোৰ উন্নয়নৰ নামত নাকাটিবলৈ অনুৰোধ জনাইছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই বিকল্পৰ সন্ধানত নামিল দিছপুৰ

ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.