ETV Bharat / bharat

শ্ৰীনগৰত গ্ৰেনেড বিস্ফোৰণত আহত ১০ জন - GRENADE ATTACK

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ দেওবৰীয়া বজাৰত সন্ত্ৰাসবাদী আক্ৰমণত ১০ জনতকৈ অধিক লোক আহত । সমগ্ৰ অঞ্চল ঘেৰাও কৰি আক্ৰমণকাৰীৰ সন্ধানত অব্যাহত অভিযান ৷

GRENADE ATTACK
শ্ৰীনগৰত দেওবৰীয়া বজাৰত গ্ৰেনেড বিস্ফোৰণ (PTI)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 4:49 PM IST

শ্ৰীনগৰ: দেওবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত হয় এক সন্ত্ৰাসবাদী আক্ৰমণ । সন্ত্ৰাসবাদীৰ টি আৰ চি আৰু দেওবৰীয়া বজাৰত গ্ৰেনেড নিক্ষেপ কৰে, য’ত ১০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে, সাপ্তাহিক দেওবাৰৰ বজাৰৰ বাবে অঞ্চলটোত বজাৰ কৰা লোকৰ বিপুল ভিৰ হয় আৰু সন্ত্ৰাসবাদীয়ে ইয়াৰে পূৰ্ণ সুযোগ লৈ এই বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে । গ্ৰেনেড বিস্ফোৰণৰ পিছতে অঞ্চলটোত বিশৃংখলতাৰ সৃষ্টি হয় ।

সূত্ৰই জনোৱা মতে, পৰ্যটন অভ্যৰ্থনা কেন্দ্ৰৰ খেলপথাৰৰ বাহিৰত গ্ৰেনেড নিক্ষেপ কৰাত কমেও ১২ জন সাধাৰণ নাগৰিক আহত হয় । আহতসকলক চিকিৎসাৰ বাবে শ্ৰীনগৰৰ SMHS হাস্পতাললৈ যোৱা হৈছে বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: শ্ৰীনগৰ এনকাউণ্টাৰত নিহত শীৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী, আহত ৪ নিৰাপত্তাৰক্ষী

আক্ৰমণকাৰীৰ সন্ধানত আৰম্ভ অভিযান

বিষয়াসকলে জনোৱা মতে, আক্ৰমণকাৰীয়ে লক্ষ্যভ্ৰষ্ট হৈ ব্যস্ত বজাৰত গ্ৰেনেড নিক্ষেপ কৰে ৷ এই ঘটনাত কেইবাজনো সাধাৰণ নাগৰিক আহত হয় ৷ সম্প্ৰতি ঘটনাস্থলীলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰাৰ লগতে অঞ্চলটো ঘেৰাও কৰা হৈছে বুলিও তেওঁ কয় । বিষয়াগৰাকীয়ে লগতে কয় যে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

শ্ৰীনগৰৰ খানিয়াৰত এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী ছোটা ৱালিদ

মাত্ৰ এদিন পূৰ্বে শনিবাৰে শ্ৰীনগৰৰ খনিয়াৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হয় ৷ এই সংৰ্ঘষত দুজন আৰক্ষী আৰু দুজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আহত হয় । কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শকে জনাইছিল যে নিহত সন্ত্ৰাসবাদীটো মষ্ট ৱাণ্টেড পাকিস্তানী সন্ত্ৰাসবাদী কমাণ্ডাৰ ওছমান ওৰফে ছোটা ৱালিদ বুলি চিনাক্ত কৰা হৈছে । ২০২৩ চনৰ নৱেম্বৰ মাহত পৰিদৰ্শক মাছৰূৰ আহমেদ ৱানীৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদী ওছমান ।

লগতে পঢ়ক: শ্ৰীনগৰৰ খানিয়াৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.