thumbnail

By

Published : Apr 16, 2023, 9:26 PM IST

ETV Bharat / Videos

Rongali Bihu 2023: মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰত মুকলি বিহু

তিনিচুকীয়া, ১৬ এপ্ৰিল: সমগ্ৰ ৰাজ্যত ৰঙালী বিহুক লৈ উখল মাখল পৰিবেশে বিৰাজ কৰিছে । ব্যতিক্ৰম নহয় তিনিচুকীয়া | জিলাখনৰ মাকুমতো উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰঙালী বিহু (Rongali Bihu Celebration in Makum) ৷ 

আজি দুই ব'হাগ । অৰ্থাৎ গোঁসাই বিহু । গোঁসাই বিহুৰ পৰম্পৰাগত ৰীতি নীতিৰে উজনিৰ পৰা নামনিলৈ সমগ্র ৰাজ্যতে ৰঙালীৰ উচাহ দেখিবলৈ পোৱা গৈছে । তাৰ সমান্তৰালকৈ দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক ব'হাগৰ এনাজৰী মুকলি বিহু-২০২৩ উদযাপন কৰা হয় ।

এই উপলক্ষো পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণেৰে আৰম্ভ হয় ব'হাগৰ এনাজৰী মুকলি বিহু-২০২৩ (Open Bihu at Makum)। উক্ত কাৰ্যসূচীৰ পিচতে কণী যুঁজ আৰু টেকেলী ভঙা, বিহু নাচ, ঢোল বাদন আৰু বিহুৱতী আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিহু অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অভিনেতা নয়ন নীলিমকে আদি কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Road accident in Dibrugarh: ৰঙালীৰ উচাহৰ মাজতে উদণ্ড বাইক চালকৰ খুন্দাত প্ৰাণ হেৰুৱালে এজনে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.