Robbery case: তিতাবৰৰ ৰাজপথত ঠিকাদাৰক দুৰ্বৃত্তৰ আক্ৰমণ - Robbery case at Titabar at night
🎬 Watch Now: Feature Video


Published : Oct 2, 2023, 11:41 AM IST
যোৰহাট, 2 অক্টোবৰ : নিশা তিতাবৰত চাঞ্চল্যকৰ ঘটনা ৷ বাটত আগচি ধৰি এজন ব্যক্তিৰ পৰা ডকাইতি কৰাৰ চেষ্টা দুই দুৰ্বৃত্তৰ ৷ আঠখেলীয়া-বৰহোলা সংযোগী পথত এই ঘটনা ৷ জানিব পৰা মতে, দেৱাশীষ বৰুৱা নামৰ লোকজন কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে আঠখেলীয়া-বৰহোলা সংযোগী পথত গাড়ী আগচি চোকা অস্ত্ৰ দেখুৱাই দেৱাশীষৰ পৰা সোণৰ অলংকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰে দুই দুৰ্বৃত্তই ৷ দেৱাশীষ বৰুৱা পেচাত এজন ঠিকাদাৰ ৷ সেয়ে অভিযন্তাক এটা পথৰ কাম পৰিদৰ্শন কৰোৱাই থৈ ঘূৰি আহি থকা সময়ত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷
কিন্তু উপায়ন্তৰ হৈ দেৱাশীষ বৰুৱাই কথমপি পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷ সমগ্ৰ ঘটনৰ সন্দৰ্ভত বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী দেৱাশীষ বৰুৱাই ৷ ইতিমধ্যে দেৱাশীষৰ এজাহাৰৰ ভিক্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে বৰ্তমান তিতাবৰ মহকুমাৰ বিভিন্ন অঞ্চলত চুৰি, ডকাইতিৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ফলত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ ৷
লগতে পঢ়ক:Old woman dead body recovered: শোৱনি কোঠাৰ বিচনাত উঁৱলি যোৱা অৱস্থাত বৃদ্ধাৰ মৃতদেহ উদ্ধাৰ