Road Accident in Morigaon : মৰিগাঁৱৰ জৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজনৰ মৃত্যু - ভয়ংকৰ পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : Sep 18, 2023, 9:19 PM IST
মৰিগাঁও, 18 ছেপ্টেম্বৰ : বিশ্বকৰ্মা পূজাৰ আনন্দ-উল্লাসৰ মাজতেই মৰিগাঁও-নগাঁও জিলাৰ সীমান্তৱৰ্তী জৰাবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘটনাস্থলীতে মৃত্যু এজন বাইক আৰোহীৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত মৰিগাঁও জৰাবাৰীত এখন তীব্ৰ বেগী বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ জানিব পৰা মতে বাইক আৰোহীজনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ মৃত যুৱকজনৰ নাম ৰিন্টু শইকীয়া বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ ঘৰ চৰাইবাহীত ৷
আনহাতে ই-ৰিক্সা চালকজনক সংকটজনক অৱস্থাত মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই জিলাখনৰ জৰাবাৰী আৰু চৰাইবাহীত শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক : Murder at Duliajan: পত্নীক হত্যা কৰি মাটি দ’মত পুতি থলে স্বামীয়ে