thumbnail

By

Published : Mar 25, 2023, 3:34 PM IST

ETV Bharat / Videos

Road accident: শ্ৰমিকক পাত তুলিবলৈ নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত, 2 গৰাকী অৱস্থা সংকটজনক

টীয়ক, 25 মাৰ্চ: টীয়কৰ মেলেং চাহ বাগিচাত অত্যাধিক বোজা কঢ়িওৱাৰ পৰিণতিত শনিবাৰে ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে (Road accident at Meleng Tea Estate) ৷ মেলেং বাগানৰ চাহ শ্ৰমিকক পাত তুলিবলৈ নিয়া অৱস্থাত অতিৰিক্ত বোজা কঢ়িওৱাৰ ফলত AS-12-AC-8239 নম্বৰৰ টাটা এ.চি গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে ৷ এই দুৰ্ঘটনাৰ ফলত বাহনখনত থকা ২২ গৰাকীকৈ মহিলা শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (22 women injured ) ।

ইয়াৰ দুগৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে অন্য ২০ গৰাকী মহিলা শ্ৰমিকক যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷  

উল্লেখ্য যে, একাংশ বাগান কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলৰ জীৱনক লৈ হেতালি খেলি পান জপাৰ দৰে শ্ৰমিকসকলক চাহ বাগানত পাত তুলিবলৈ লৈ অহা পৰিলক্ষিত হয় । ইয়াৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰে ৷ অনাগত দিনত এইসমূহ চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা শ্ৰম বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষ্যনীয় হ’ব ।

লগতে পঢ়ক: Tea Garden of Assam: ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ শ্ৰমিকৰ বিননি শুনিবনে চৰকাৰে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.