Road accident in Guwahati: মহানগৰীৰ জ্যোতিকুছিত নিশা পথ দুৰ্ঘটনাত শিশুসহ আহত ৫ - Accident news in Guwahati
🎬 Watch Now: Feature Video
Published : Aug 25, 2023, 2:21 PM IST
গুৱাহাটী, ২৫ আগষ্ট: গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা । সুৰামত্ত চালকৰ খুন্দাত শিশুসহ পাঁচগৰাকী লোক গুৰুতৰভাৱে আহত হয় । নিশা মহানগৰীৰ জ্যোতিকুছিত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।
লখৰাৰ পৰা নেপালী মন্দিৰ অভিমুখী AR21 1332 নম্বৰ স্ক'ৰপিঅ' বাহনখনে নেপালী মন্দিৰৰ ফালৰ পৰা লখৰা অভিমুখী AS 01 AV 9602 নম্বৰৰ বাহনখনক তীব্ৰ বেগত মুখামুখিকৈ খুন্দিওৱাৰ ফলত AS 01 AV 9602 নম্বৰৰ বাহখনত থকা এটি দুবছৰীয়া শিশুসহ ৫ আৰোহী আঘাতপ্ৰাপ্ত হয় । ইয়াৰে তিনি ৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
স্ক'ৰপিঅ' বাহনখনৰ চালকজনে সুৰা সেৱন কৰি বাহন চলোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । উক্ত ঘটনাটোৰ পিছতেই ফটাশিল থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সুৰামত্ত চালকজনক আটক কৰাৰ লগতে বাহনখন জব্দ কৰে ।
লগতে পঢ়ক:Road Accident in Bihar : শোকাৱহ পথ দুৰ্ঘটনাত পাঁচজনৰ মৃত্যু