Influenza H3N2: দেশত এইবাৰ H3N2 ভাইৰাছৰ সংক্ৰমণ; উদ্বিগ্ন চিকিৎসক - GMCHৰ অধীক্ষক ড৹ অভিজিৎ শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 5, 2023, 7:49 PM IST

গুৱাহাটী, 5 মাৰ্চ: দেশত নতুন ভাইৰাছৰ সংক্ৰমণ ৷ H3N2 ভাইৰাছক লৈ উদ্বিগ্ন ICMR (Influenza H3N2) ৷ এই ভাইৰাছত ইতিমধ্যেই আক্ৰান্ত দেশৰ কেইবাখনো ৰাজ্যৰ লোক ৷ অসমত এতিয়ালৈ এই ভাইৰাছৰ আক্ৰান্ত হোৱাৰ তথ্য নাই যদিও সাৱধানতা অৱলম্বনৰ বাবে আহ্বান GMCHৰ অধীক্ষক ড৹ অভিজিৎ শৰ্মাৰ (GMCH Superintendent Dr. Abhijit Sarma) ৷  

কিদৰে নিজকে বচাই ৰাখিব H3N2 ভাইৰাছৰ সংক্ৰমণৰ পৰা, আক্ৰান্ত ব্যক্তিয়ে কি কি সাৱধানতা অৱলম্বন কৰিব এই সম্পৰ্কে মন্তব্য GMCHৰ অধীক্ষকগৰাকীৰ ৷ তেওঁ কয়, ‘‘এই ভাইৰাছ উৎপত্তি হয় প্ৰদূষণৰ মাত্ৰা অধিক হ’লে ৷ শুকান বতৰত এই ভাইৰাছ বিয়পে ৷ জ্বৰ, কাহ, চৰ্দি, ডায়েৰীয়া আদি এই ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ ৷ শিশু আৰু বয়োজ্যেষ্ঠ লোক, ডায়েবেটিছ ৰোগী, কেঞ্চাৰ ৰোগীসকলে সাৱধানে থাকিব লাগে । গাহৰি, চৰাইৰ পৰা মানুহলৈ বিয়পিব পাৰে এই ভাইৰাছ (H3N2 Influenza causes) ৷’’

জ্বৰ-কাহৰ লক্ষণ দেখিলে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান অধীক্ষকগৰাকীৰ ৷ শাক-পাচলি খাবলৈ আহ্বান জনোৱাৰ লগতে মাস্ক পৰিধান কৰা , হাত চেনিটাইজ কৰা, জনসমাগম হোৱা স্থান এৰাই চলিবলৈয়ো আহ্বান ড৹ অভিজিৎ শৰ্মাৰ ৷

লগতে পঢ়ক: Assam TET exam: শিক্ষান্ত্ৰীয়ে দিলে ভাল খবৰ; ৰাজ্যত পুনৰ হ’ব টেট পৰীক্ষা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.