HS result 2023: বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ ঋষভ উপাধ্যায়ৰ; গৌৰাৱান্বিত টিংখাঙবাসী - Rishav Upadhaya get 2nd rank
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,6 জুন: আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ৰাজ্যৰ বহু মেধাবী শিক্ষাৰ্থী জিলিকিবলৈ সক্ষম হৈছে (HS Result 2023) ৷ ৰাজ্যখনৰ ভিতৰতে বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে টিংখাঙৰ ঔফুলিয়ৰ ঋষভ উপাধ্যায়ে (Rishav Upaydhaya) ৷ ঋষভে সৰ্বমুঠ 482 নম্বৰ লাভ কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৷ টিংখাঙৰ অতি ভিতৰুৱা ঔফুলীয়া ডিকচাম কিনাৰ গাঁৱৰ প্ৰসেন উপাধ্যায় আৰু কবিতা উপাধ্যায়ৰ পুত্ৰ ঋষভ উপাধ্যায়ৰ এই সফলতাত উৎফুল্লিত গাঁৱবাসী ৷ ঋষভ উপাধ্যায় আছিল নগাঁও ৰামানুজন বিদ্যালয়ৰ ছাত্ৰ ৷
এজন ভাল অভিযন্তা হোৱাৰ সপোন ঋষভ উপাধ্যায়ৰ ৷ ‘‘ভালদৰে অধ্যয়ন কৰিব লাগে মনৰ ইচ্ছাৰ বিপৰীতে যাব নালাগে ৷ লাগিলে যি বিভাগতে অধ্যয়ন নকৰক লাগিলে ভালদৰে অধ্যয়ন কৰিব লাগে ৷’’ এই আহ্বান ঋষভ উপাধ্যায়ৰ ৷
লগতে পঢ়ক: HS Result 2023: বিজ্ঞান শাখাৰ অষ্টম স্থানত নগাঁৱৰ শতৰূপা বৰকাকতি