thumbnail

Rhinos chased tourist car: পৰ্যটকৰ বাহনলৈ গঁড়ৰ চোঁচা; পথৰ দাঁতিত বাগৰি পৰিল পৰ্যটক ভৰ্তি জীপ

By

Published : Feb 26, 2023, 10:46 AM IST

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী: বিপদ কেতিয়া আহে কোনেও নাজানে ৷ কেতিয়াবা আনন্দৰ মুহূৰ্ত এটাও হঠাৎ হৈ পৰে ভয়ংকৰ ৷ অনাবিল মুহূৰ্তত হঠাৎ নামি আহিব পাৰে বিপদ ৷ তেনে এক ঘটনাৰে সাক্ষী হ’ল কেইজনমান পৰ্যটক ৷ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰ্যটকৰ বাহনলৈ গঁড়ে চোঁচা লোৱা এক দৃশ্য ৷ দুটা গঁড়ে বনাঞ্চলৰ মাজৰ এটা সুৰুকীয়া পথ পাৰ হোৱাৰ সময়তে সেই স্থানত দৃশ্য উপভোগ কৰি আছিল তিনিখন বাহনত পৰ্যটকৰ এটা দলে ৷ হঠাৎ দুটা গঁড়ে চোঁচা লয় সমুখত থকা বাহনখনলৈ (Rhinos chased away tourist cars) ৷

জীপচি কেইখনত পৰ্যটকৰ লগতে আছিল চালক আৰু টুৰিষ্ট গাইড ৷ তেওঁলোকে বনাঞ্চলত পৰ্যটকসকলক বিভিন্ন জীৱৰ বিচৰণ দেখুৱাই আগুৱাই গৈ আছিল ৷ কিন্তু আধাবাটতে গঁড় দুটাই ৰাস্তা পাৰ হ’বলৈ লোৱা দেখি জীপ কেইখন ৰখাই গঁড় চাবলৈ ধৰে পৰ্যটকৰ দলটোৱে ৷ তেনেতেই ঘটিল অঘটনটো (Rhinos attack tourist car) ৷  

প্ৰথমখন বাহনৰ দিশে গঁড় দুটাই চোঁচা লোৱাত বাহনকেইখন পিচুৱাই অনা হয় ৷ পিচত থকা বাহন দুখন সুকলমে পিচুওৱা হয় যদিও প্ৰথমখন বাহন বাগৰি পৰে সুৰুকীয়া পথটোৰ দাঁতিত ৷ অৱশ্যে গঁড় দুটাই বাহনখন বাগৰি পৰা দেখি সেই স্থানৰ পৰা অন্য দিশে লৰ মাৰে ৷ কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা আৰোহীসকলৰ (Jaldapara National Park in West Bengal) ৷  

উল্লেখ্য যে, পৰ্যটকৰ বাহনখনত আছিল 5 গৰাকী পৰ্যটক, এজন চালক আৰু এজন টুৰিষ্ট গাইড ৷ এই ঘটনাটো অৱশ্যে অসমৰ নহয় ৷ পশ্চিম বংগৰ জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানতহে দেখা গ’ল এই দৃশ্য ৷ আহতসকলক উদ্ধাৰ কৰি মদৰিহাট স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । অসমৰো কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত কিছুদিন পূৰ্বে দেখা গৈছিল অনুৰূপ দৃশ্য (Rhino attack news) ৷

লগতে পঢ়ক: Kaziranga National Park: প্ৰয়োজন মাথোঁ সাহসৰ; কাজিৰঙাত বনৰীয়া ম’হে খেদি পঠিয়ালে বনৰজাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.