thumbnail

তিনিখনকৈ যুদ্ধত দেশৰ হৈ অৱতীৰ্ণ হোৱা খিম সিং কাৰ্কীৰ ১০০ বছৰীয়া জন্মদিন

By

Published : Jun 23, 2022, 7:17 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

১০০ বছৰীয়া হ'ল উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ বেৰিনাগৰ বিকাশখণ্ডৰ বৌগড় গাঁৱৰ বাসিন্দা অৱসৰপ্ৰাপ্ত মেজৰ খিম সিং কাৰ্কী (Birthday of retired Major Khim Singh Karki)। অৱসৰপ্ৰাপ্ত মেজৰৰ এই বিশেষ জন্মদিন পালন কৰিবলৈ আত্মীয় আৰু গাঁওবাসী উপস্থিত হ'ল তেওঁৰ বাসগৃহত (Birthday celebration of Khim Singh Karki)। পৰিয়ালৰ সদস্যসকলেও তেওঁৰ জন্মদিনটো এক বিশেষ অনুষ্ঠান হিচাপে আয়োজন কৰিলে । গাঁৱৰ ৰাইজৰ বাবে ভোজ ভাতৰ আয়োজন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় । দূৰৱৰ্তী অঞ্চলৰ পৰাও তেওঁৰ বহু আত্মীয়ই জন্মদিনৰ অনুষ্ঠানত উপস্থিত হয় । অৱসৰপ্ৰাপ্ত মেজৰ খিম সিং কাৰ্কীয়ে তেওঁৰ পত্নী ৯২ বছৰীয়া চন্দ্ৰ কাৰ্কীৰ সৈতে জন্মদিনৰ কেক কাটে । এই সময়ছোৱাত, খিম সিং কাৰ্কীক তেওঁৰ পৰিয়ালৰ সৈতে অতি উৎসাহিত দেখা গৈছিল । ১০০ বছৰীয়া অৱসৰপ্ৰাপ্ত জোৱানগৰাকীৰ জন্মদিনৰ এটা ভিডিঅ' সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । অৱসৰপ্ৰাপ্ত মেজৰ খিম সিং কাৰ্কীয়ে ১৯৪৫, ১৯৬৫, ১৯৭১ চনত দেশৰ হৈ তিনিখন যুদ্ধত অৱতীৰ্ণ হৈছিল । খিম সিং কাৰ্কীয়ে এএমচি (আৰ্মি মেডিকেল কৰ্পছ)ত ৩২ বছৰ দেশৰ হৈ সেৱা আগবঢ়াইছে ৷ ১৯৪৪ চনত খিম সিং কাৰ্কীয়ে এএমচিত যোগদান কৰে আৰু ৩২ বছৰ চাকৰি কৰাৰ পাছত ১৯৭৬ চনত অৱসৰ গ্ৰহণ কৰে ৷ ইয়াৰ পিছত, তেওঁ সমাজ সেৱাৰ লগত জড়িত হৈ পৰে । খিম সিং কাৰ্কীৰ নাতি কুলদীপ কাৰ্কীও বৰ্তমান বিএছএফৰ জোৱান ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.