No drinking water: কামপুৰত খালী বাল্টি লৈ ৰাইজৰ প্ৰতিবাদ - Jal jeevan mission
🎬 Watch Now: Feature Video
বঢ়মপুৰ, 13 মাৰ্চ : পুৱাই কামপুৰ পৌৰ সভাৰ পাঁচ নং ৱাৰ্ডৰ কুমাৰপট্ৰিত খালী বাল্টি লৈ ৰাইজৰ প্ৰতিবাদ । হাতে হাতে খালী বাল্টি লৈ খোৱা পানী বিচাৰি ৰাজপথলৈ ওলাই আহিল ৰাইজ । উলেখযোগ্য যে, কামপুৰ পৌৰসভা এলেকাৰ পাঁচ নং ৱাৰ্ডৰ প্ৰায় চল্লিছটা পৰিয়ালে খৰালিৰ আগমনৰ লগে লগে খোৱাপানীৰ তীব্ৰ সমস্যাত ভূগিছে বুলি অভিযোগ উঠিছে (barhampur water crisis) ।
এই সন্দৰ্ভত স্থানীয় ৰাইজে কামপুৰ পৌৰসভাক অভিযোগ দি আহিছে যদিও বৰ্তমানলৈকে পৌৰ সভাই কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে । ইফালে কুমাৰ পট্ৰিৰ মাজৰে গৈছে কামপুৰ উচ্চতৰ মাধ্যমিকলৈ যোৱা পথটো । অতি ব্যস্ত পথটোৰে ধুলি উৰুৱাই গাড়ী মটৰ পাৰ হৈ যাওতে পৰিৱেশ দূষিত হৈ বহুলোক অসুস্থ হোৱাৰো অভিযোগ তুলিছে ৰাইজে (scarcity of drinking water) ।
এনেবোৰ কাৰণতে সোমবাৰ অৰ্থাৎ 13 মাৰ্চৰ পুৱাই হাতে হাতে খালী বাল্টি লৈ প্ৰতিবাদত নামে স্থানীয় পুৰুষ মহিলা সকল । ৰাইজে এই সম্পৰ্কত শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী জনাইছে কামপুৰ পৌৰসভাৰ কতৃপক্ষক (Jal jeevan mission) ।
লগতে পঢ়ক : HSLC Paper Leak: পৰীক্ষা বাতিলৰ সিদ্ধান্তই লখিমপুৰত জ্বলাইছে প্ৰতিবাদৰ জুই