74th Republic Day: কমলপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন - Republic Day in Delhi

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 26, 2023, 3:51 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আজি 26 জানুৱাৰী (74th Republic Day observed)৷ আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন কৰা হৈছে ৷  ১৯৫০ চনৰ আজিৰ দিনটোত ভাৰত চৰকাৰ আইন 1935 ৰ সলনি কৰি  ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল ৷ ভাৰতৰ সংবিধানখন Constituent Assembly of India ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল । ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয় । ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱস হিচাপে পালন কৰিবৰা বাবে এই দিনটো বাছনি কৰা হয়।

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপৰ কমলপুৰতো উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day observed at Kamalpur) । গণৰাজ্য দিৱস উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়া পৰীক্ষিত ফুকনে ।

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিচতে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানত বিভিন্ন বিষয়ত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বঁটা প্ৰদান কৰা হয় ।

সমগ্ৰ দেশৰ লগতে অসমত উলহ-মালহেৰে উদযাপন কৰা হয় গণৰাজ্য দিৱস (Republic Day in Assam)। প্ৰত্যেক বছৰে গণৰাজ্য দিৱসত ৰাজ্য চৰকাৰৰ মূল অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপালে । আনহাতে এইবাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)।  

ইফালে দেশৰ ৰাজধানী দিল্লীতো গণৰাজ্য দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয় (Republic Day in Delhi)। ইয়াত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ দেশ-বিদেশৰ বহু নেতাক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছিল । ইজিপ্তৰ ৰাষ্ট্ৰপতি এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি । ইফালে এইবাৰৰ পেৰেডত অসমৰ কামাখ্যা মন্দিৰ আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক: 74th Republic Day: দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে উদযাপন গণৰাজ্য দিৱস

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.