Release of Dimasa film: ৪ আগষ্টত ডিমাচা কথাছবি ৱাইফ্ৰিৰ শুভমুক্তি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 1, 2023, 9:10 PM IST

ডিফু,১ আগষ্ট: অহা চাৰি আগষ্টত মুক্তি লাভ কৰিব ডিমাচা ভাষাৰ প্ৰথমখন বিনোদনধৰ্মী পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবি 'ৱাইফ্ৰি'য়ে । সোমবাৰে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে ছবিখনৰ নিৰ্মাতাই । গুৱাহাটী, হাফলং, ডিফু, ডিমাপুৰ আৰু শিলচৰত একেলগে মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ পৰিচালনা দীপাংকৰ মেচ ডিফুচা আৰু অনন্ত বৰাৰ ।  

কিমডাউলাৰ বেনাৰত স্বপ্না ডাউলাগুপু আৰু কুলেন্দু ডাউলাগুপুৱে প্ৰযোজনা কৰা ছবিখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে জিন্তু কলিতা আৰু কুলেন্দ্ৰ ডাউলাগুপুৰ । একশ্যন আৰু ৰোমাঞ্চৰে ভৰপূৰ ছবিখনৰ মূল ভূমিকাত অভিনয় কৰিছে নীহা বড়োৱে । জুবিন গাৰ্গ, ৰিংহামদি ফংলো, কুইন হাজৰিকা, কেথেৰিন, অৰ্পিতা মিথাৰফাংছা, প্ৰণিত ডিব্ৰাগেড়ে আৰু অহিৰ ভৈৰৱে গীতসমূহত কণ্ঠদান কৰা ছবিখনৰ আৱহ সংগীত ৰিয়ান তপোবন সোণোৱালৰ । 

লগতে পঢ়ক: AITMC slams Assam CM: হিমন্ত বিশ্ব শৰ্মাই অসমত দৰিদ্ৰতাৰ অভিলেখ সৃষ্টি কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.