Reaction on caste certificate: জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত পীযুষ হাজৰীকাৰ মন্তব্যত প্ৰতিক্ৰিয়া - Scheduled Caste Yuva Chhatra Parishad
🎬 Watch Now: Feature Video


Published : Sep 14, 2023, 11:06 PM IST
গুৱাহাটী,১৪ ছেপ্টেম্বৰ: চলিত অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ তৃতীয় দিনা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অনুসুচীত জাতিৰ জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত আগবঢ়োৱা তথ্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে ।
মন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা তথ্য সম্পূৰ্ণ ভুল আৰু মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বুলি সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰে ৰুবুল দাসে । মিছন ভূমিপুত্ৰৰ নামত দিয়া অনুসূচিত জাতি প্ৰমাণ পত্ৰৰ প্ৰায় ১ লাখই ভুৱা বুলি দাবী কৰি এই আঁচনিখন বন্ধ কৰাৰ বাবে বিভাগীয় মন্ত্ৰীক দাবী জনায় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে ।
লগতে পঢ়ক: ST categorization of the Koch-Rajbongshi community: জনজাতিকৰণৰ নামত জেলেপীৰ পাক কিয়?