Venture Schools of Assam: ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল; ৰঙালীত বঞ্ছনাৰ বলি ৰাজ্যৰ একাংশ শিক্ষক - Cancellation of recognition of venture schools

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 12, 2023, 3:18 PM IST

টীয়ক, 12 এপ্ৰিল: ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল কৰা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ টীয়কতো দীৰ্ঘদিন ধৰি শিক্ষকতাৰ সৈতে জড়িত বহু শিক্ষকৰ জীৱনলৈ অমানিশা নামি আহিল ৷ ১৯৯৩ চনতে প্ৰতিষ্ঠা লাভ কৰা টীয়কৰ কলিয়াপানী উচ্চ ইংৰাজী বিদ্যালয়খন বৃহত্তৰ কলিয়াপানী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ একমাত্ৰ ভৰসা (Venture Schools of Assam) ৷

বহুসংখ্যক ছাত্ৰ-ছাত্ৰী এইখন বিদ্যালয়ত অধ্যয়ন কৰি আজিৰ সমাজত প্ৰতিষ্ঠা লাভ কৰিছে ৷ লগতে বিগত কুৰিৰো অধিক বছৰ শিক্ষকতাক সেৱা হিচাপে লৈ শিক্ষকতা কৰি আহিছে কেইবাগৰাকীও শিক্ষকে ৷ ইফালে ভেঞ্চাৰ বিদ্যালয় বুলি এইবৰ্ষৰ বিনামূলীয়া কিতাপ-পত্ৰও চৰকাৰে প্ৰদান নকৰাত পুৰণি কিতাপকে লৈ অশেষ কষ্টেৰে পাঠদান চলাই আছে শিক্ষকসকলে ৷ সেয়ে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰাৰ সংবাদ মাধ্যমৰ আগত নিজৰ দুখৰ কথা বৰ্ণনা কৰিছে বিদ্যালয়খনত কৰ্মৰত শিক্ষয়ত্ৰীগৰাকীয়ে (Cancellation of recognition of venture schools) ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.