Reaction on madrasa regulation: মাদ্ৰাছাৰ সংস্কাৰৰ বাবে প্ৰস্তুত কৰা নিয়মাৱলীক লৈ প্ৰতিক্ৰিয়া - Assam DGP Bhaskarjyoti Mahanta
🎬 Watch Now: Feature Video
জনীয়া,২৮ জানুৱাৰী: মাদ্ৰাছাক লৈ শেহতীয়াকৈ অসম আৰক্ষীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে কলগাছিয়াত সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ (all Assam nirman sramik santha) ৰাজ্যিক সভাপতি চান মামুদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে ৰাজ্যৰ মাদ্ৰাছাসমূহ সংস্কাৰৰ বাবে অসম আৰক্ষীয়ে বিশেষ নিয়মাৱলী প্ৰস্তুত কৰা বুলি ইতিমধ্যে প্ৰকাশ পাইছে (Reaction on madrasa regulation by Assam police) ।
উক্ত নিয়মাৱলী অনুসৰি এতিয়াৰে পৰা য'তে ত'তে মাদ্ৰাছা স্থাপন কৰিব নোৱাৰিব । লগতে মাদ্ৰাছা স্থাপন কৰিলে হিন্দু-মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব বুলিও কোৱা হৈছিল । উল্লেখ্য, গোৱালপাৰাত এই মন্তব্য আগবঢ়াইছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (Assam DGP Bhaskarjyoti Mahanta) । যাৰ বাবে শনিবাৰে কলগাছিয়াত সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ ৰাজ্যিক সভাপতি চান মামুদে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এইখন দেশ হৈছে ধর্ম নিৰপেক্ষ দেশ ।
গতিকে ধৰ্ম নিৰপেক্ষ দেশত সকলোৱে ধৰ্মীয় উপাসনা কৰাৰ অধিকাৰ আছে (Assam police new regulation for madrasa) । আনহাতে, কোনোবাই নকৰিলে তেওঁক জোৰকৈ কৰাব নোৱাৰে । এইক্ষেত্ৰত এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মক হেঁচা দিও ধৰ্ম পালন কৰাব নোৱাৰে । গতিকে এনেধৰণৰ এখন ধৰ্মনিৰপেক্ষ দেশত কোনোবাই যদি মাদ্ৰাছা স্থাপন কৰে, কোনোবাই আকৌ মঠ-মন্দিৰ স্থাপন কৰিব ।
কোনোবাই হয়তো শান্তি বিহাৰ স্থাপন কৰি তেওঁলোকৰ মনৰ স্থিতি হিচাপে তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰিব আৰু মনৰ শান্তি লাভ কৰিব । কিন্তু এইক্ষেত্ৰত অসম আৰক্ষীয়ে যিধৰণে মন্তব্য আগবঢ়াইছে তাৰ দ্বাৰা তেওঁলোকে ধৰ্মীয়ভাৱে মানুহক আঘাত কৰিব বিচাৰিছে । লগতে তেওঁ প্ৰশ্ন কৰে যে হিন্দু ধৰ্মৰ ক'ৰবাত লিখা আছে নেকি যে ইছলাম ধৰ্মক আঘাত কৰিব লাগে বা ইছলাম ধৰ্মৰ ক'ৰবাত লিখা আছে নেকি যে হিন্দু ধৰ্মক আঘাত কৰিব লাগে ।
তেওঁ কয় যে মাদ্ৰাছা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক ধৰ্মীয় শিক্ষানুষ্ঠান । অৱশ্যে এই মাদ্ৰাছা ভাৰতবৰ্ষৰ সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত আৰু স্বাধীনতাৰ পিছৰে পৰাই চৰকাৰে বিভিন্ন স্থানত মাদ্ৰাছা স্থাপন কৰি দিছিল । গতিকে এই মাদ্ৰাছাক লৈ এতিয়া আৰু নতুনকৈ উত্তেজনা বিয়পোৱাৰ বাবে আৰক্ষীয়ে ওকালতি কৰিব নালাগে । আৰক্ষীৰ দায়িত্ব হৈছে- হিন্দুৱোই হওক বা মুছলমান, যিসকলে দেশৰ ক্ষতি কৰিব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো ।
কিন্তু টোল বন্ধ কৰা, মাদ্ৰাছা বন্ধ কৰা, মঠ-মন্দিৰ বন্ধ কৰা, শান্তি নিকেতন বন্ধ কৰা এইবোৰ আৰক্ষীৰ কৰ্তব্য নহয় । সেয়ে আৰক্ষীক নিজৰ দায়িত্ব পালন কৰিবলৈও তেওঁ সকীয়াই দিয়ে । আৰক্ষী ৰাজনৈতিক দল বা চৰকাৰৰ দাস নহয় বুলি উল্লেখ কৰি কয় যে চৰকাৰ আহিব আৰু যাব, ৰাজনৈতিক দল আহিব আৰু যাব । কিন্তু আৰক্ষী প্ৰশাসনক নিজৰ দায়িত্ব নিস্বাৰ্থভাৱে পালন কৰি যোৱাৰ লগতে ৰাজনৈতিক দলৰ হৈ ওকালতি নকৰিবলৈ সকীয়নি দিয়ে সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সভাপতি চান মামুদ আহমেদে ।
লগতে পঢ়ক: Amguri Railway Station new building : আমগুৰি ৰে'ল জংচনৰ নৱনিৰ্মিত গৃহ উদ্বোধন