thumbnail

By

Published : Jun 24, 2023, 2:04 PM IST

ETV Bharat / Videos

Bengal slow loris: জোনাইত ৰাইজে উদ্ধাৰ কৰিলে দুষ্প্ৰাপ্য লাজুকী বান্দৰ

জোনাই, ২৪ জুন: ধেমাজি জিলাৰ জোনাইত ৰাইজে উদ্ধাৰ কৰিলে বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ ৷ জোনাইত শুকুৰবাৰে নিশা ১০.৩০ বজাত ৰাইজে উদ্ধাৰ কৰি বন বিভাক গতাই দিয়ে লাজুকী বান্দৰটো ৷ খাদ্যৰ সন্ধানত লাজুকী বান্দৰটো কাষতে থকা পবা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷  

নিশা বাৰীত বগাই থকা অৱস্থাত ৰাইজে দেখা পাই বন বিভাগক খবৰ দিয়ে । পিচত উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰটো উদ্ধাৰ কৰে । খাদ্যৰ সন্ধানত লাজুকী বান্দৰটো কাষতে থকা পবা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অৱশেষত,বন বিভাগে লাজুকী বান্দৰটো নিশাই পবা সংৰক্ষিত বনাঞ্চলৰ লেকু খণ্ডত এৰি দিয়ে ।

লগতে পঢ়ক:Flood Situation in Assam: বানৰ কৱলত প্ৰায় ৪.৮৯ লাখ লোক, মৃত্যুৰ সংখ্যা ২ জনলৈ বৃদ্ধি

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.