Rapid action by CM: স্নায়ু ৰোগত আক্ৰান্ত এটি শিশুৰ চিকিৎসাৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই - ড৹ হিমন্ত বিশ্ব শৰ্মাই
🎬 Watch Now: Feature Video
স্নায়ুজনিত ৰোগত আক্ৰান্ত এটি শিশুৰ চিকিৎসাৰ বাবে তাৎক্ষণিক পদক্ষেপ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma) ৷ শিশুটিৰ চিকিৎসাৰ বাবে তৎকালীন নিৰ্দেশ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে(Rapid action by Himanta Biswa Sarma) ৷ গোলাঘাটত আজি শিশুটিক লগত লৈ মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে অহা শিশুটিৰ পিতৃৰে বাৰ্তালাপত মিলিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কলে- ‘‘কাইলৈয়ে ইয়াক গুৱাহাটীলৈ লৈ আহক ৷ প্ৰয়োজন হ’লে চিকিৎসাৰ বাবে বাহিৰলৈ কাইলৈয়ে পঠাই দিম ৷ বাহিৰলৈ যাব ল’গা হ’লে কাপোৰৰ প্ৰয়োজন হ’ব, গতিকে লগত অলপ কাপোৰ-কানিও লৈ আহিব"৷ উল্লেখ্য যে, শুকুৰবাবে গোলাঘাটৰ ৰহঢলা পথাৰত চহা জীৱনৰ আমেজ ল’বলৈ উপস্থিত হৈছিলগৈ মুখ্যমন্ত্ৰীগৰাকী(CM at Golaghat) ৷ মুখ্যমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত তেখেতক সাক্ষাতৰ বাবে আহিছিল ৰোগত আক্ৰান্ত শিশুটিৰ লগতে পিতৃ ৷ শিশুটিক সাক্ষাৎ কৰিয়েই তাৎক্ষণিক পদক্ষেপ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ চিন্তাৰ কোনো কাৰণ নাই বুলিও কলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST