জোনাই থানাত আত্মসমৰ্পণ ধৰ্ষণ কাণ্ডৰে জড়িত অভিযুক্তৰ - Accused Surrenders
🎬 Watch Now: Feature Video
Published : Dec 28, 2023, 5:21 PM IST
জোনাই, 28 ডিচেম্বৰ : বৃহস্পতিবাৰে জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে জোনাই গালী মেছাকিৰ এগৰাকী কিশোৰী ধৰ্ষণ কাণ্ডৰ অভিযুক্তই ৷ অভিযুক্তটোৰ নাম গৰ্গৰাম পাৱ বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে জোনাইৰ গালী মেচাকি গাঁৱৰ গৰ্গৰাম পাৱ নামৰ 40 বছৰীয়া অভিযুক্তটোৱে যোৱা সপ্তাহৰ বুধবাৰ আৰু বৃহস্পতিবাৰে এগৰাকী কিশোৰীক দুবাৰকৈ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ তুলিছিল কিশোৰীগৰাকীৰ পৰিয়ালে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালে ন্যায় বিচাৰি লম্পট গৰ্গৰাম পাৱৰ বিৰুদ্ধে 26 ডিচেম্বৰত জোনাই থানাত এজাহাৰ দাখিল কৰিছিল ৷
ইয়াৰ পাছতেই অভিযুক্ত গৰ্গৰাম পাৱে গাঁৱৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছিল ৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে বিভিন্ন ঠাইত গৰ্গৰাম পাৱৰ বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানৰ পিছতে অভিযুক্ত গৰ্গৰাম পাৱে অৱশেষত বৃহস্পতিবাৰে জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷
লগতে পঢ়ক : বোৱাৰীৰ আত্মহত্যা, স্বামীয়ে হত্যা কৰাৰ সন্দেহ