Rape case verdict: নাবালিকা বলাৎকাৰৰ অপৰাধত আমজাদক যাৱজ্জীৱন কাৰাদণ্ড - rape accused sentenced to life imprisonment
🎬 Watch Now: Feature Video

বুধবাৰে ধুবুৰী আদালতে এটা ধৰ্ষণৰ গোচৰৰ ৰায়দান দিয়ে (Dhubri rape case verdict)। শিশু ধৰ্ষণৰ গোচৰৰ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে ধুবুৰী জিলা ও অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে (rape accused sentenced to life imprisonment) ৷ জানিব পৰা মতে, চলিত বৰ্ষৰ ১৯ মাৰ্চত তামাৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ধুতুৰামাৰী গাঁৱৰ আমজাদ আলীয়ে ৯ বছৰীয়া এগৰাকী কন্যা শিশুক ফুচুলাই নি ঘৰত কোনো নথকাৰ সুযোগতে বলৎকাৰ কৰে (Minor girl rape in Dhubri)। তাৰ পিছতেই নিৰ্যাতিতা নাবালিকাগৰাকীয়ে পৰিয়ালক সকলো কথা অৱগত কৰাত পৰিয়ালে তামাৰহাট আৰক্ষী থানাত ১১/২২ নম্বৰত এটা গোচৰ দাখিল কৰে । তামাৰহাট থানাৰ তদানীন্তন আৰক্ষী বিষয়া জয়ন্ত দাসে উক্ত জঘন্য কাণ্ডৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰে আদালতত । ঘটনাটোৰ ক্ষীপ্ৰতাৰে বিচাৰ কৰি বুধবাৰে আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷ বিশেষ ন্যায়াধীশ পি কাকতিৰ আদালতে ধৰ্ষণৰ গোচৰত অভিযুক্ত আমজাদ আলীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনাৰ টকা আদায় দিব নোৱাৰিলে অতিৰিক্ত ছমাহ সময় কাৰাবাস খাটিব লাগিব আমজাদ আলীয়ে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST