National Yoga Olympiad: ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডত সোণৰ পদক অৰ্জন ৰাণী সোণোৱালৰ
🎬 Watch Now: Feature Video
ধেমাজি, ২৫ জুন: কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয় আৰু NCERT ৰ উদ্যোগত মধ্যপ্ৰদেশৰ ভূপালত যোৱা ১৮ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০২৩ ত ধেমাজি বাটঘৰীয়া ৰাণী সোণোৱালে সোণৰ বুটলিবলৈ সক্ষম হয় ৷ বাটঘৰীয়া পেনপেনি চুকৰ বাসিন্দা জ্যোতিপ্ৰসাদ সোণোৱাল আৰু মাতৃ মৃদুলা সোণোৱালৰ একমাত্ৰ কন্যা ৰাণী সোণোৱাল ৷ তেওঁ বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৷
উল্লেখ্য যে, ধেমাজি যোগাসন ক্ৰীড়া সন্থাৰ পৰা ৰাণী সোণোৱালৰ লগতে ধেমাজি জিলাৰ পৰা মুঠ চাৰিগৰাকী প্ৰশিক্ষাৰ্থীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ ইতিমধ্যে বিজয়ী দলটো ধেমাজিত আহি উপস্থিত হোৱাৰ লগে প্ৰথমে ধেমাজি ৰে'লৱে ষ্টেচনত ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ বিষয়বীয়াসকলে উষ্ম আদৰণি জনায় ।
জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তথা প্ৰশিক্ষক পুলেন দাস আৰু নৱজ্যেতি সোণোৱালে শুভেচ্ছা জ্ঞাপন কৰে ৰাণী সোণোৱালসহ দলটিক ৷ অনুৰূপভাৱে খেলুৱৈগৰাকীক বাটঘৰীয়া অঞ্চলত বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সন্থা, বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সংঘ, পশ্চিম ধেমাজি মণ্ডল বিজেপি আৰু গাঁওবাসীয়ে অভিনন্দন জ্ঞাপন কৰে ৷
লগতে পঢ়ক: Heroine seized: 18 কোটি টকাৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ