Suspected death of Rangia youth : বহিঃৰাজ‍্যত ৰহস‍্যজনকভাৱে মৃত‍্যুক সাৱটি ল’লে ৰঙিয়াৰ যুৱকে

By

Published : Aug 19, 2023, 2:30 PM IST

thumbnail

ৰঙিয়া, 19 আগষ্ট: বহিঃৰাজ‍্যত পুনৰ ৰহস‍্যজনকভাৱে মৃত‍্যুক সাৱটি ল’লে অসমৰ যুৱকে । যুৱকজন হৈছে ৰঙিয়াৰ চেনীমাৰাৰ আমিৰ আলীৰ কণিষ্ঠ পুত্ৰ ৰজব আলী (20)। তামিলনাডুৰ ক'য়েম্বটুৰত 16 আগষ্ট বুধবাৰে যুৱকজনৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হয় । পৰিয়ালবৰ্গই জানিব দিয়া অনুসৰি ৰজব আলী বিগত দুবছৰ ধৰি তামিলনাডুৰ এটা ব‍্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল । 

16 আগষ্টৰ দিনা নিশা ৰজবে পৰিয়ালবৰ্গৰ সৈতে ভিডিঅ’ কলযোগে কথা পাতিছিল । নিশা প্ৰায় 10 বজাত ফোনটো ৰখাৰ পিছত নিশা প্ৰায় দুই বজাত তামিলনাডুৰ পৰা ৰজবৰ সহকৰ্মী এগৰাকীয়ে পৰিয়ালবৰ্গক ফোন কৰি জনায় যে ৰজবৰ মৃতদেহ শৌচালয়ত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে । খবৰ পোৱাৰ পিছতে পৰিয়ালবৰ্গ তামিলনাডুত উপস্থিত হয় আৰু স্থানীয় আৰক্ষীৰ কাষ চাপে । 

মৃতদেহ লৈ পৰিয়ালৰ লোক ৰঙিয়াত উপস্থিত হোৱাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হয় । পৰিয়াবৰ্গই যুৱকজনৰ মৃত্যু কেনেদৰে হ'ল এই বিষয়ে উচিত তদন্ত কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক: Crime Journalist shot dead: অৰাৰিয়া সাংবাদিক হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ জিম্মাত পুনৰ 4 জন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.