Majuli rangali bihu celebration: ঢোলৰ মাতে গগণ কঁপাইছে নদী দ্বীপ মাজুলীত - পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 7, 2023, 3:31 PM IST

মাজুলী, 7 এপ্ৰিল : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন । এই বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । ৰঙালী বিহুলৈ কেইটামান দিন বাকি থকা অৱস্থাত ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলীও । দ্বীপ জিলখানৰ চৌদিশে এতিয়া একুৰিতকৈয়ো অধিক বিহু কৰ্মশালা অনুষ্ঠিত হৈছে (Majuli rangali bihu celebration)  ৷

মাজুলীৰ বৰটানী গাৱঁৰ ৰাইজৰ সহযোগত তথা অমৃত যুৱক সংঘৰ উদ্যোগত বৰটানী আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা ৷ একেদৰে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো বনগাঁও এম.ভি.স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে বিহু কর্মশালা (Majuli bihu dance workshop) । 

দুয়োটা স্থানত অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালত কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি শতাধিক লোকে অংশগ্ৰহণ কৰিছে । শিশু, ডেকা-গাভৰু সকলোৱে উছাহেৰে অংশগ্ৰহণ কৰিছে বিহুৰ কৰ্মশালাত । কি উজনী মাজুলী কি নামনি মাজুলী সকলোতে এতিয়া ঢোলৰ গুমগুমনি (rangali bihu celebration excitment in Majuli Assam) । এক কথাত ক’বলৈ গ’লে সকলো সাজু হৈছে হেঁপাহৰ বিহুটিক আদৰিবলৈ ।

লগতে পঢ়ক : Special weaver from Dhemaji: তাঁতশালত সপোন ৰচা ধেমাজিৰ নীলোৎপলৰ কথাৰে...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.