Rangali Bihu of Assam : ৰঙালীৰ ৰঙত মতলীয়া বঙাইগাঁওবাসী - মাণিকপুৰ বহাগী বিদায় উদযাপন সমিতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 15, 2023, 8:46 PM IST

বঙাইগাঁও, ১৫ এপ্ৰিল : আজি ১ ব'হাগ অৰ্থাৎ মানুহ বিহু (Frist day of Bohag) । ৰাজ্যবাসীয়ে উদযাপন কৰিছে আজি মানুহ বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহুটিক আদৰাৰ ব্যাপক ব্যস্ততা ৷ পিছ পৰি ৰোৱা নাই বঙাইগাঁও জিলাৰ মাণিকপুৰ বহাগী বিদায় উদযাপন সমিতিও । প্ৰতি বছৰৰ দৰে এইবছৰো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাণিকপুৰ ৰাজহুৱা খেল পথাৰত ১ ব'হাগত মুকলি বিহু প্ৰদৰ্শন আৰু ২৬ ব'হাগ সদৌ অসম ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা, খেল ধেমালিৰ লগতে নিলোৎপল বৰাৰ সাংস্কৃতিক অনুষ্ঠানেৰে ৰঙালী বিহু উদযাপন কৰিব (Rangali Bihu celebrates in Bongaigaon) ।

১ ব'হাগৰ পুৱাৰ ভাগত ৯ বজাত বিহুৰ পতাকা উত্তোলন কৰে বিহু পৰিচালনা সমিতিৰ উপদেষ্টা স্বপন কুমাৰ নাথে (Bihu celebration across Assam) । ৰাতিপুৱা ১০ বজাত গছপুলি ৰোপন কাৰ্যসূচী উদ্বোধন অজয় কুমাৰ সাহা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, মাণিকপুৰ আৰক্ষী থানা । পুৱা ১০:৩০ বজাত মানিকপুৰ অঞ্চলৰ ভালে সংখ্যক বয়োজ্যেষ্ঠ ব্যক্তিক মানপত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় (Rangali Bihu 2023) ।

লগতে প্ৰায় আবেলি ৪ বজাত মুকলি বিহু প্ৰদৰ্শন । মুকলি বিহুৰ দ্বাৰ মুকলি কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য গোলাপ পাঠকে । মুকলি বিহুত নামনি অসমৰ ভালে কেইটা বিহু দলে মুকলি বিহু প্ৰদৰ্শন কৰে । এই মুকলি বিহু প্ৰদৰ্শন চাবলৈ ৰাইজৰ পাৰভঙা উছাহ দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক : Rhino poaching in Nagaon: বাগৰিত হত্যা হোৱা গঁড়ৰ খৰ্গ উদ্ধাৰ; আৰক্ষীৰ জিম্মাৰ পৰা নিৰুদ্দেশ গঁড় চিকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.