Rakibul Hussain on delimitation:সমষ্টি পুনৰ নিৰ্ধাৰণ বিজেপিৰ বাবে অশনি সংকেত; ৰকিবুল হুছেইন - সমষ্টি পুনৰ নিৰ্ধাৰণ
🎬 Watch Now: Feature Video
নগাঁও, 11 আগষ্ট : সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিৰোধী উপ-দলপতি ৰকিবুল হুইছেনে এখনি সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলত তেওঁ কয়, ‘এয়া আমাৰ প্ৰাথমিক প্ৰতিক্ৰিয়াহে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নীতিগতভাৱে আমাৰ কোনো আপত্তি নাই, আমি ৰাইজৰ অন্তৰত থকা আপত্তিখিনিহে প্ৰকাশ কৰিছো ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আপত্তি আছে’ ।
তেওঁ লগতে কয় এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ২০০১ চনৰ লোকপিয়লত থকা প্ৰতিজন ব্যক্তিক ভাৰতীয় বুলি এইখন চৰকাৰে স্বীকৃতি দিলে ৷ কংগ্ৰেছৰ লগতে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলেই মুখ্যমন্ত্ৰীৰ লগত যুঁজিবলৈ প্ৰস্তুত ৷
তেওঁ উল্লেখ কৰে প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহৰ দিনত কংগ্ৰেছ দলৰ মতেই অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল যদিও জনতা দলৰ হাতত কংগ্ৰেছ পৰাজিত হৈছিল ৷ ১৯৭৬ ত ইন্দিৰা গান্ধীৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল যদিও ১৯৭৭ত কংগ্ৰেছ পৰাজিত হৈছিল ৷ ২০১৪ৰ আগতো ইউপিএৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল যদিও ২০১৪ ত ইউপিএ পৰাজিত হৈছিল ৷ এইবাৰো একে ঘটনাৰে পুনৰাবৃত্তি হ’বলৈ গৈ আছে ৷
লগতে পঢ়ক : Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত মন্ত্রী অতুল বৰাৰ প্ৰতিক্ৰিয়া