Prabeen Das slams Pabitra Margherita: পবিত্ৰ মাৰ্ঘেৰিটাক তুলাধুনা ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক প্ৰবীণ দাসৰ - পবিত্ৰ মাৰ্ঘেৰিটাক তুলা ধূনা ৰাইজৰ দলৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 6, 2023, 3:28 PM IST

Updated : May 6, 2023, 6:31 PM IST

গুৱাহাটী,৬ মে': কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১১ দলক বিজেপিৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই কৰা তুচ্ছ-তাচ্ছিল্যক লৈ সৰৱ হৈ পৰিছে ৰাইজৰ দল । সাংসদ পবিত্র মাৰ্ঘেৰিটাই ঐক্যবদ্ধ হোৱা দলসমূহক এন জি অ’,  ক্লাৱৰ লগত তুলনা কৰি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে (Raijor Dal react on Pabitra Margherita remarks) ।  

ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক প্ৰবীণ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পবিত্ৰ মাৰ্ঘেৰিটাই নাজানে ৰাজনৈতিক দল আৰু ক্লাৱৰ পাৰ্থক্য (Prabeen Das slams Pabitra Margherita) । তেওঁ কয় যে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ভয় খাবলৈ আৰম্ভ কৰিলেই বিজেপি দলে । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ নিৰ্বাচনী আয়োগত পঞ্জীয়ন হোৱা দুটা ৰাজনৈতিক দল (Prabeen Das criticises Pabitra Margherita) ।  

আনহাতে এন জি অ' নাইবা ক্লাৱ আদি ছ'ছাইটি আইনৰ অধীনত পঞ্জীয়ন কৰা হয় । এই কথা ৰ‍াজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই ভালদৰে জনা উচিত । তেওঁ কয় যে ৰাজনৈতিক দল দুটাক উপলুঙা কৰাৰ পৰা এইটো কথা জানিব পৰা গৈছে যে পবিত্র মাৰ্ঘেৰিটাৰ জ্ঞানৰ গভীৰতা কিমান । তেওঁ পবিত্র মাৰ্ঘেৰিটাক ৰাজনীতি সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় । 

লগতে পঢ়ক: Manipur Violence update: ক্ৰমাৎ নিয়ন্ত্ৰণলৈ মণিপুৰৰ পৰিস্থিতি; শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান সেনাৰ

Last Updated : May 6, 2023, 6:31 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.