J I Kathar Controversial Statement: জন ইংতি কাথাৰৰ মন্তব্যৰ বিৰোধিতা কাঞ্চাছডিকম তথা ভাতৃ সংগঠনৰ - জে আই কাথাৰ বিতৰ্ক
🎬 Watch Now: Feature Video
Published : Oct 20, 2023, 10:48 PM IST
ডিফু, ২০ অক্টোবৰ : কাৰ্বি ছাত্ৰ সন্থাক কাৰ্বি কিডনেপাৰ্ছ সন্থা বুলি এপিএইছএলচিৰ সভাপতি জন ইংতি কাথাৰে কৰা মন্তব্যৰ বিৰোধিতা অব্যাহত আছে কাৰ্বি আংলং জিলাত ৷ আজি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতি চমুকৈ কাঞ্চাছডিকম আৰু ভাতৃ সংগঠনে এক সংবাদমেলযোগে জন ইংতি কাথাৰৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে ৷
কাঞ্চাছডিকমৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি অজিত তিমুঙে কাথাৰৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি কাৰ্বি ছাত্ৰ সন্থা গঠনৰ পৰাই কাৰ্বি জাতিৰ কল্যাণ আৰু উত্তৰণৰ হকে কাম কৰি আহিছে বুলি প্ৰকাশ কৰি মই নিজেও এসময়ত ইয়াৰ সাধাৰণ সম্পাদক আছিলো আৰু এই জাতীয় সংগঠনটেক তুচ্চ-তাছিল্য কৰাটো কোনোপধ্যে সমৰ্থনযোগ্য নহয় বুলি কয় ৷
আমাৰ দেশ যিহেতু গণতান্ত্ৰিক দেশ আৰু গণতন্ত্ৰত বাক্ স্বাধীনতা আছে বুলি আমি যিহকে মন যায় তাকে ক’লে সমাজৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক বুলি মন্তব্য কৰে ৷ জন ইংতি কাথাৰৰ দৰে এগৰাকী উচ্চ শিক্ষিত আৰু উচ্চ প্ৰশাসনীয় বিষয়াৰ এনে মন্তব্যৰে কাৰ্বি জাতিক অপমান কৰিছে বুলি উল্লেখ কৰি যদি কাৰ্বি ছাত্ৰ সন্থা অপহৰণকাৰীৰ দল তেনেহ’লে জে আই কাথাৰো কাৰ্বি হিচাবে অপহৰণকাৰী নহয় জানো বুলি প্ৰশ্ন কৰে ৷ কাথাৰক অদূৰ ভৱিষ্যতে এনে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ তিমুঙে আহ্বান জনায় ৷
লগতে পঢ়ক : DGP GP Singh : এন এল এফ বিৰ সদস্যৰ মনত অসন্তুষ্টি থকাৰ সম্ভাৱনা ব্যক্ত জি পি সিঙৰ