ৰাসমঞ্চত দৈৱকীৰূপী দীপলিনা ডেকাৰ অভিনয়ত মোহাচ্ছন্ন দৰ্শক

🎬 Watch Now: Feature Video

thumbnail

মৰাণ, ৪ ডিচেম্বৰ : ৰাসমঞ্চত দৈৱকীৰ চৰিত্ৰত অভিনয়ে দৰ্শকক মোহাচন্ন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই ৷ চৰাইদেউ জিলাৰ মৰাণৰ কাছমাৰী নৱজ্যোতি সংঘৰ উদ্যোগত আৰু বৃহত্তৰ কছুমাৰীৰ ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ ৷ দিনযোৰা বিস্তৃত কাৰ্যসূচীৰ অন্তত প্ৰথম নিশা অনুষ্ঠিত ৰাসত দৈৱকীৰ চৰিত্ৰত অভিনয় কৰে দীপলিনা ডেকাই ৷  

কছুমাৰী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা এই ৰাসোৎসৱত নিশা অভিনীত ৰাসৰ বিভিন্ন চৰিত্ৰসমূহ ৰূপায়ন কৰে অঞ্চলটোৰ শিল্পীসকলে ৷ দৈৱকীৰ চৰিত্ৰত অভিনয় কৰা দীপলিনাই এই প্ৰসংগত কয়," শিল্পজগতৰ প্ৰতিটো ক্ষেত্ৰৰ সুকীয়া সুকীয়া মৰ্যাদা আছে ৷ মূলতঃ সংগীত শিল্পী হ'লেও শেহতীয়াকৈ অভিনয় ক্ষেত্ৰখনৰ পৰা বহু অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হোৱা দীপলিনাই কয় ৰাসত অভিনয় কৰাৰ এক সুকীয়া মাদকতাৰ কথা ৷ দৰ্শকে তেওঁৰ অভিনয় আদৰি লোৱাত উৎসাহ লাভ কৰা বুলিও মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক:কলঙৰ বাকৰিত সত্ৰীয়া পৰম্পৰাৰে আকৰ্ষণীয় ৰূপত শ্ৰীকৃষ্ণৰ ৰাসলীলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.