মাজুলীৰ ৰাসোৎসৱে হাত বাউল দি মাতিছে, দক্ষিণপাট সত্ৰত পৰ্যটকৰ ভিৰ - Majuli Raas video
🎬 Watch Now: Feature Video


Published : Nov 26, 2023, 4:37 PM IST
মাজুলী, 26 নৱেম্বৰ : আজি পবিত্ৰ ৰাস পূৰ্ণিমা ৷ দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈছে সত্ৰপীঠ মাজুলী ৷ মাজুলীৰ ১২ খনকৈ সত্ৰ আৰু অৰ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ । উক্ত ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰপীঠখনত ।
ৰাস মহোৎসৱৰ বাবে মাজুলীত ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰতো ৰাসোৎসৱ উপলক্ষে পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ ৷ পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ঐতিহাসিক সত্ৰখনত এইবছৰো আধ্যাত্মিক পৰম্পৰাৰে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ।
সত্ৰখনত মঞ্চৰ পৰিৱৰ্তে এইবাৰ নামঘৰত আয়োজন কৰা হৈছে ৰাস মহোৎসৱ । ৰাসোৎসৱৰ প্ৰথমটো দিনত আজি ঐতিহাসিক সত্ৰখনলৈ দিনৰ ভাগতে হাজাৰ হাজাৰ লোকৰ আগমন ঘটিছে । সকলোৱে নেদেখাজনৰ ওচৰত চাকি-বন্তি জ্বলাই নিজৰ লগতে সকলোৰে মংগল কামনা কৰিছে । সত্ৰৰ ফালৰ পৰাও সকলোকে ৰাস মহোৎসৱলৈ নিমন্ত্ৰণ জনাইছে ।
লগতে পঢ়ক : আজিৰ পৰা মাজুলীত আৰম্ভ শাৰদীয় ৰাস মহোৎসৱ, পৰ্যটকৰ ভিৰ