Python Rescued: ত্ৰিপুৰাৰ ধৰ্মনগৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

By

Published : Aug 2, 2023, 8:46 PM IST

thumbnail

কৰিমগঞ্জ, 2 আগষ্ট : উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ চহৰৰ পদ্মপুৰ ক্লাবৰ গাতে লাগি থকা গোৰখনাথ মন্দিৰৰ কাষত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ ৷ অঞ্চলটোৰ উত্তম পাল নামৰ ব্যক্তিজনৰ ঘৰত উদ্ধাৰ হৈছে এই প্ৰকাণ্ড অজগৰ ৷  

জানিব পৰা মতে, ৰাতিপুৱা অঞ্চলটোৰ এগৰাকী মহিলাই পানী আনিবলৈ গৈ উত্তম পালৰ ঘৰৰ ছাদত এটা প্ৰকাণ্ড অজগৰ দেখা পায় ৷ মহিলাগৰাকীৰ চিঞৰ শুনি অঞ্চলটোৰ ৰাইজে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ ধৰ্মনগৰ বন বিভাগক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ সাংবাদিকৰ সহায়ত অজগৰটো উদ্ধাৰ কৰে ৷

ধৰ্মনগৰ ৰেঞ্জৰ বন বিষয়া হেমন্ত দেৱনাথে জানিবলৈ দিয়া অনুসৰি অজগৰটো 7 ফুটতকৈও অধিক দীঘল আৰু ইয়াৰ ওজন 14 ৰ পৰা 15 কিলোগ্ৰাম ৷ উদ্ধাৰ কৰাৰ পাছত অজৰগৰটো পানীসাগৰ মহকুমাৰ ৰাৱা অভয়াৰণ্যত মুকলি কৰি দিয়া হয় বুলি জানিবলৈ দিয়ে বন বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : Child dead body recovered: বেঁকী নদীত গা ধুবলৈ গৈ শিশুৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.